কোকৰাঝাৰ,৩০ ডিচেম্বৰ:সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ দ্বিতীয় সংখ্যক কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিবেশনখনৰ শুকুৰবাৰে নিশা সফল সামৰণি পৰে । যোৱা ২৭ ডিচেম্বৰৰ পৰা কোকৰাঝাৰৰ ভূটীয়াপাৰাত অনুষ্ঠিত হোৱা অধিবেশনৰ শুকুৰবাৰে অন্তিমদিনা সাংস্কৃতিক শোভাযাত্ৰা আৰু অভিলেখসংখ্যক ৭০০০ নাচনিয়ে একেলগে কৃষ্টি প্ৰদৰ্শন কৰি নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে । অধিবেশনৰ সতে সংগতি ৰাখি সন্ধিয়া এক মুকলি সভাও অনুষ্ঠিত হয় য'ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
মুকলি সভাৰ পূৰ্বে ৭০০০ নাচনিয়ে একেলগে প্ৰদৰ্শন কৰা কাৰ্তিকা নৃত্য প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে তেওঁ জীৱনত তিনিটা নান্দনিক দৃশ্য দেখাৰ ভিতৰত এই অধিবেশনত প্ৰদৰ্শিত হোৱা নাথ যোগীসকলৰ এই কাৰ্তিকা নৃত্য অন্যতম । তেওঁ কয় প্ৰথম নান্দনিক দৃশ্য আছিল যোৰহাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা ১৬০০০ ব্যাক্তিয়ে একেলগে কৰা খোলবাদনৰ দৃশ্য । দ্বিতীয় নান্দনিক দৃশ্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত একেলগে ১১০০০ বিহুৱতীৰ দ্বাৰা গুৱাহাটীৰ সৰুসজাইত বিহুনৃত্য পৰিৱেশন আৰু তৃতীয় নান্দনিক দৃশ্য হ'ল নাথ যোগী ছাত্ৰ সন্থাৰ দ্বাৰা ৭০০০ নাচনিৰ দ্বাৰা কাৰ্তিকা নৃত্য প্ৰদৰ্শন কৰা ।
নাথ যোগী ছাত্ৰ সন্থাই হেৰাই যাবলৈ ধৰা অসমীয়া কৃষ্টি, লোকসংস্কৃতিক ধৰি ৰখাৰ প্ৰয়াসক প্ৰশংসা কৰে ৰণজিৎ কুমাৰ দাসে । তদুপৰি মন্ত্ৰীগৰাকীয়ে নাথ যোগীৰ দাবী উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হ'ব বুলি সদৰী কৰে । তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ অভাৱ-অভিযোগ, সমস্যা সমাধান কৰি আহিছে গতিকে নাথ যোগীসকলৰ সমস্যাও সমাধান কৰিব ।