কোকৰাঝাৰ, 19 জুলাই: শনিবাৰে নিশা প্ৰায় 9:30 বজাত গোপন সুত্ৰই দিয়া তথ্য অনুসৰি গোসাঁইগাঁও আৰক্ষীয়ে অভিযান চলায় বংগ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, AS-01 LC-1397 AS-23 আৰু BC-4317 নম্বৰৰ দুখন ট্ৰাকে চোৰাং গৰু কঢ়িয়াই আনিছে ৷ সেই অনুসৰি আৰক্ষীয়ে চলোৱা অভিযানত দুয়োখন ট্ৰাকৰ পৰা জব্দ কৰা হয় ৪৮ টাকৈ গৰু ৷ উল্লেখ্য যে, গোসাঁইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বৰুৱাৰ নেতৃত্বত এটা দলে চলাইছিল এই অভিযান ৷
31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৪৮ টাকৈ গৰুসহ জব্দ দুখন ট্ৰাক
গোসাঁইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিন্টু বৰুৱাৰ নেতৃত্বত এটা দলে অভিযান চলাই,বংগ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ৪৮ টাকৈ গৰুসহ দুখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ সোধ পোছৰ অন্তত জানিব পৰা গৈছে যে,ট্ৰাক দুখনে গৰু কেইটা বিহাৰৰ মধুপুৰৰ পৰা কঢ়িয়াই আনিছিল অৰুণাচল পাছিঘাটলৈ সৰৱৰাহ কৰাৰ বাবে ৷ অৰুণাচল পাছিঘাট অভিমুখে গৈ থকা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰে দুয়োখন ট্ৰাক ৷ আৰক্ষীয়ে ইতিমধ্যে গৰু কঢ়িয়াই অনা ট্ৰাক দুখনৰ চালক,হেণ্ডিমেনসহ 10 গৰাকী অভিযুক্তক আটক কৰে ৷ সম্প্ৰতি শ্ৰীৰামপুৰত ৰখা হৈছে আৰক্ষীয়ে জব্দ কৰা গৰুকেইটা ৷ আনহাতে আটকাধীন লোক কেইগৰাকীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে ৷
লগতে পঢ়ক:বিবাহৰ প্ৰলোভনৰে প্ৰেমিকাক অন্তঃসত্বা, ন্যায় বিচাৰি থানাত প্ৰেমিকা