অসম

assam

ETV Bharat / state

নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ

সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন পত্ৰ দাখিল বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ৷ সাংসদ পদৰ পৰা অপসাৰণ কৰাৰ দাবী ৷ ট্ৰাইবেল সংঘক জগৰীয়া কৰে জনজাতি সুৰক্ষা মঞ্চই ৷

নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ

By

Published : Jul 9, 2019, 7:43 PM IST

কোকৰাঝাৰ, 9 জুলাই : কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ বড়ো কছাৰীৰ জনজাতিৰ ভুৱা প্ৰমাণ পত্ৰ লোৱাৰ অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে ৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন পত্ৰ দাখিল কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই । তেওঁক অতি শীঘ্ৰে সাংসদৰ পৰা অৱসৰ দিব লাগে বুলি দাবী তুলিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি দাওৰাও দেশৰেব নাৰ্জাৰীয়ে । শৰণীয়া জনগোষ্ঠীৰ হৈয়ো জনজাতীয় প্ৰমাণ পত্ৰ লোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷ ট্ৰাইবেলৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে ট্ৰাইবেল সংঘক জগৰীয়া কৰে জনজাতি সুৰক্ষা মঞ্চই ৷

নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ

ABOUT THE AUTHOR

...view details