কোকৰাঝাৰ, 20 জুনঃ ভাৰত-চীন সীমান্তবৰ্তীৰ গালোৱানত চীনা সৈন্যৰ বৰ্বৰোচিত আক্ৰমণত ভাৰতীয় সেনাৰ কৰ্নেলসহ কুৰিজন জোৱান শ্বহীদ হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰি আজি সন্ধিয়া কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ জে ডি ৰোডত সেনাৰ বীৰ জোৱান সকলৰ স্মৃতিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কোকৰাঝাৰ ব্যৱসায়ীক সন্থাই ৷
ভাৰতীয় শ্বহীদ সেনাৰ স্মৃতিত কোকৰাঝাৰ ব্যৱসায়ীক সন্থাৰ লগতে এৱছুৰ বন্তি প্ৰজ্বলন - এৱছুৰ বডোফা হাউচ
গালোৱানত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ স্মৃতিত কোকৰাঝাৰ ব্যৱসায়ীক সন্থাৰ লগতে এৱছুৰ বন্তি প্ৰজ্বলন ৷ চীনা সামগ্ৰী, এপ বৰ্জনৰ আহ্বান ব্যৱসায়ীক সন্থাৰ ৷
![ভাৰতীয় শ্বহীদ সেনাৰ স্মৃতিত কোকৰাঝাৰ ব্যৱসায়ীক সন্থাৰ লগতে এৱছুৰ বন্তি প্ৰজ্বলন tribute](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7691424-516-7691424-1592605125722.jpg)
tribute
এই অনুষ্ঠানত ভাৰত মাতা জিন্দাবাদ,বীৰ শ্বহীদ অমৰ হওঁক আৰু চীনা বিৰোধী বিভিন্ন শ্লোগান দিয়ে ৷ শৰ্মাই সংবাদমহলৰ আগত চীনৰ বৰ্বৰোচিত কাৰ্যক নিন্দা কৰি ৰাইজক চীনা সামগ্ৰী আৰু চীনা এপ বৰ্জনৰ আহ্বান জনায় ৷ এই কাৰ্যসূচীত সন্থাৰ উপ সভাপতি দিলীপ ছেঠীয়া আৰু সম্পাদক সন্দিপ দত্তও উপস্থিত থাকে ৷
লগতে পঢ়কঃচীনা সামগ্ৰী বৰ্জনৰ আহ্বান অসম চেম্বাৰছ অৱ কমাৰ্চৰ