কোকৰাঝাৰ, ২৯ জুলাই: "ৰাজ্যৰ পাঁচ সমষ্টিত নহয় ছটা সমষ্টিত উপ-নিৰ্বাচন(By Election) অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । পূৰ্বতে মই কৈছিলো ৰাজ্যৰ পাঁচ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সকলোৱে মোক সুধিছিল এইয়া কেনেকৈ সম্ভৱ বুলি ৷ কিন্তু, আজি মই পুনৰ কও ৰাজ্যৰ ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (ranjit kumar das) ।
উল্লেখযোগ্য যে, তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে নিশা কোকৰাঝাৰত(kokorajhar) উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসে উক্ত মন্তব্য কৰি কয় যে, অহা ৪ আগষ্টৰ পৰাই বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে মনোনিৱেশ কৰিব । একেদৰে মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, যদিহে ছটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয় তেনেহলে ছটা সমষ্টিতে বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিব ৷ মন্ত্ৰী ৰণজিৎ দাসে তামূলপুৰ( tamulpur) বিধানসভা সমষ্টিৰ দায়িত্ব লৈছে আৰু এখন নিৰ্বাচনী কমিটিও গঠন কৰাৰ কথা সদৰী কৰে ।