অসম

assam

By

Published : Apr 20, 2021, 10:29 PM IST

Updated : Apr 20, 2021, 10:58 PM IST

ETV Bharat / state

ষ্ট্ৰং ৰুম পৰিদৰ্শন এল আৰ বিষ্ণৈইৰ

বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক ড° এল আৰ বিষ্ণৈইয়ে কোকৰাঝাৰ চহৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ পৰ্যবেক্ষণ কৰে ৷ ষ্ট্ৰং ৰুম নিৰীক্ষণৰ অন্তত বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ষ্ট্ৰং ৰুমত মজুত ৰখা ইভিএমসমূহ তিনি তৰপীয়া কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা বুলি মন্তব্য কৰে ৷

ষ্ট্ৰং ৰুম পৰিদৰ্শন এল আৰ বিষ্ণৈইৰ
ষ্ট্ৰং ৰুম পৰিদৰ্শন বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শকৰ

কোকৰাঝাৰ,২০ এপ্ৰিল: বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক ড° এল আৰ বিষ্ণৈইয়ে মঙলবাৰে কোকৰাঝাৰ চহৰৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ চৌহদত স্থাপিত ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ দিশসমূহ নিৰীক্ষণ কৰে ৷ ষ্ট্ৰং ৰুম নিৰীক্ষণৰ অন্তত বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ষ্ট্ৰং ৰুমত মজুত ৰখা ইভিএমসমূহ তিনি তৰপীয়া কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে বুলি সদৰী কৰে ৷

ইপিনে ষ্ট্ৰং ৰুমৰ নিৰাপত্তা কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনী, অসম বেটেলিয়ান আৰু আৰক্ষীয়ে তদাৰক কৰি আছে বুলি উল্লেখ কৰি আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে আপদকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল সষ্টম হৈ আছে বুলি সদৰী কৰে ৷

ষ্ট্ৰং ৰুম পৰিদৰ্শন এল আৰ বিষ্ণৈইৰ

বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত দুটা ষ্ট্ৰং ৰুম আছে ৷ লগতে মুঠ ২৮৮ টা ইভিএমৰ বাকচ আছে বুলিও আৰক্ষী মহাপৰিদৰ্শক গৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷ উল্লেখ্য যে, ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ দিশ নিৰীক্ষণৰ সময়ছোৱাত শীৰ্ষ আৰক্ষী বিষয়া গৰাকীক কোকৰাঝাৰৰ জিলা উপায়ুক্ত ভাস্কৰ ফুকন আৰু জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সংগ দিয়ে ৷

লগতে পঢ়ক :ক'ভিড-১৯: সেনাপ্ৰধানলৈ বিশেষ নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰীৰ

Last Updated : Apr 20, 2021, 10:58 PM IST

ABOUT THE AUTHOR

...view details