কোকৰাঝাৰ, ২১ নৱেম্বৰ:প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰৰ মিত্ৰজোঁট চৰকাৰৰ তিনিটা বছৰ পূৰ্ণ তথা বিটিআৰত শান্তি স্থাপন হোৱা উপলক্ষে সোমবাৰে সন্ধিয়া কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত এক বিশাল শান্তি সমৃদ্ধি সমাৰোহ আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ আয়োজন কৰা হয় । বিটিআৰ চৰকাৰৰ উদ্যোগত আয়োজিত এই শান্তি সমৃদ্ধি সমাৰোহ আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচীত বিটিআৰৰ বিভিন্ন এলেকাৰ পৰা কেবা হাজাৰ লোকে ছাই ষ্টেডিয়ামত সমবেত হৈ শান্তি উদযাপনৰ কাৰ্যসূচীত ভাগ লয় ।
উল্লেখ্য যে, ২০২০ চনত তৃতীয় বড়ো শান্তি চুক্তি ৰূপায়ণ হোৱাৰ পিচতে অঞ্চলটোলৈ শান্তি ঘূৰি অহাৰ লগতে বিটিআৰ এলেকাৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত বৰ্তমান শান্তিপূৰ্ণ সহাৱস্থান অব্যাহত আছে । এনে এক পৰিৱেশৰ মাজত শান্তি উদযাপনৰ অৰ্থে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী, সকলো জাতি জনগোষ্ঠীৰ কলা-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে বৰ্ণিল ৰূপত উদযাপিত কৰা হয় এই বৃহৎ ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ।
এই কাৰ্যসূচীত ইউ পি পি এল-বিজেপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কেবিনেটৰ সহযোগীসকলক বিটিআৰত শান্তিৰ সূচনা কৰাৰ সাহসী পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ছাই ষ্টেডিয়ামত সমবেত হেজাৰ হেজাৰ ৰাইজে মোবাইলৰ লাইট জ্বলাই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৷
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, বিটিআৰত ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰায় তিনি বছৰ অতিক্ৰম কৰিলে। প্ৰায় তিনিবছৰ শান্তিপূৰ্ণভাৱে অতিক্ৰম কৰাৰ বাবে শান্তি উদযাপনৰ অৰ্থে এক ধন্যবাদ জ্ঞাপন কাৰ্যসূচীৰ আয়োজন কৰা হয় । শান্তি চুক্তি অনুসৰি প্ৰথম পৰ্যায়ত শোণিতপুৰ আৰু বিশ্বনাথ জিলালৈ গাঁও সম্প্ৰসাৰণ কৰা হৈছে ৷ ইয়াৰোপৰি ৪১ খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ব্ৰহ্মই কয় যে, বিটিচি চৰকাৰে সকলো জাতি-জনগোষ্ঠীক লৈ শান্তি আৰু উন্নয়নৰ বাবে কাম কৰি আহিছে। সকলো শ্ৰেণীৰ মানুহৰ মাজত শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে ৷