কোকৰাঝাৰ,২৪ অক্টোবৰ: বিটিআৰ একাদশে প্ৰথম আন্তঃ ষষ্ঠ অনুসূচী প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা চমুকৈ আই এছ পি এল, ২০২২ৰ চেম্পিয়নশ্বিপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে(ISPL 2022 Championship BTR) ৷ বিটিআৰ চৰকাৰৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে অতি জাকজমকতাৰে যোৱা ৯ অক্টোবৰৰ পৰা চলি থকা প্ৰতিযোগিতাখনৰ ৰবিবাৰে নিশা ফাইনেল খেলখন অনুষ্ঠিত হয়(Inter-Sixth Schedule Premier League) ।
ফাইনেলত মিজোৰামৰ লাই স্বায়ত্ত্বশাসিত জিলা পৰিষদ দলক ১-০ গ’লত পৰাজিত কৰি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে ঘৰুৱা দল বিটিআৰে ৷ বিটিআৰ দলৰ হৈ খেলৰ দ্বিতীয়াৰ্দ্ধত ৫১ মিনিটত বিজয়সূচক গ’ল দিয়ে খেলুৱৈ সোনম বসুমতাৰীয়ে ৷ কোকৰাঝাৰ চহৰৰ কঠালগুৰি ছাই ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হোৱা ফাইনেল খেলখনত বিশ সহস্ৰাধিকৰোধিক ফুটবলপ্ৰেমী দৰ্শকে উপভোগ কৰে ৷
ইপিনে খেলৰ অন্তত বিজয়ী দল বিটিআৰ দলক নগদ ৩ লাখ টকাৰ চেকসহ ট্ৰফী প্ৰদান কৰে সদৌ ভাৰত ফুটবল সন্থাৰ সভাপতি কল্যাণ চৌব্বেয়ে আৰু ৰানাৰ্চআপ দল মিজোৰামৰ লাই স্বায়ত্ত্বশাসিত জিলা পৰিষদ দলক নগদ ২ লাখ টকাৰ চেক সহ ট্ৰফী প্ৰদান কৰে অসম ফুটবল সন্থাৰ সভাপতি তথা মন্ত্ৰী নৱ কুমাৰ দলেই ৷