কোকৰাঝাৰ, 24 ডিচেম্বৰ : বৃহস্পতি পুৱা 10 বজাত আৰম্ভ হয় বিটিচিৰ সদনৰ কাম-কাজ ৷ কিন্তু আৰম্ভণিতেই উত্তাল হৈ পৰে বিটিচিৰ সদন ৷ হাতত প্লে’ কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰত প্ৰতিবাদমুখৰ হৈ পৰিল বিপিএফৰ কাৰ্যবাহীসকল ৷ এজেণ্ডা অনুসৰি সদনৰ কাম-কাজ নচলোৱাৰ অভিযোগ বিপিএফৰ এমচিএলএ সকলৰ ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত অধ্যক্ষই 10 মিনিটৰ বাবে স্থগিত ৰাখে সদন ৷
10 মিনিটৰ বাবে স্থগিত ঘোষণা বিটিচিৰ সদন
আৰম্ভণিতেই উত্তাল হৈ পৰে বিটিচিৰ সদন ৷ হাতত প্লে’ কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰত প্ৰতিবাদমুখৰ হৈ পৰিল বিপিএফৰ কাৰ্যবাহীসকল ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত অধ্যক্ষই 10 মিনিটৰ বাবে স্থগিত ৰাখে সদন ৷
bpf showed festoons to the speakers
উল্লেখ্য যে, প্ৰমোদ বড়ো ভাগ্য এতিয়া নিৰূপণ কৰিব আস্থা ভোটৰ ওপৰত ৷ প্ৰমোদ বড়োৱে 15 ডিচেম্বৰত মুখ্যকাৰ্যবাহী ৰূপে শপত লৈছিল যদিও হাগ্ৰামা মহিলাৰীয়ে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ পাচতে আদালতে বিষয়টো পৰ্যবেক্ষণ কৰে ৷ অৱশেত আস্থা ভোটৰ দ্বাৰা কোনে পৰিষদ গঠন কৰিব তাক নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিয়ে ৷