কোকৰাঝাৰ ১৯ ফেব্ৰুৱাৰী: কোকৰাঝাৰত এতিয়া উখল-মাখল পৰিৱেশ । বিটিআৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি দলৰ সমাগমেৰে উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে । জিলাখনৰ দাঁতিয়েদি বৈ যোৱা গৌৰাং নৈৰ পাৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত বিটিআৰ প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিটিআৰৰ বৈচিত্ৰময় সাংস্কৃতিক উদযাপন সমাৰোহ । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ পতাকা উত্তোলনেৰে প্ৰথম কাৰ্যসূচীৰ উদ্বোধন কৰে বিটিআৰৰ সাংস্কতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োই ৷ ইয়াৰ পাচতে শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি আৰু বডোফাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে ৷
ইপিনে, সাংস্কৃতিক সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতি জীয়াই ৰাখি তাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য । বিগত ১৭ বছৰে কোনো এটা জাতি-জনগোষ্ঠীয়ে নিজস্ব অধিকাৰ লাভ নকৰিলে আৰু সেই কথা অনুধাৱন কৰিয়ে বিটিচি চৰকাৰে প্ৰতিটো জাতি-জনগোষ্ঠীক সম অধিকাৰ , সম উন্নয়ন আৰু সমমৰ্যদা প্ৰদান কৰাৰ স্বাৰ্থত কাম কৰি আছে । বহিৰাগত সংস্কৃতিৰ সলনি স্থানীয় শিল্পী, সংস্কৃতিক গুৰুত্ব প্ৰদান কৰা হৈছে সংবাদমাধ্যমৰ আগত এইদৰে কয় । ইয়াৰ মাজতে প্ৰমোদ বড়োই বিটিআৰবাসীলৈ এক সু-বাৰ্তা প্ৰেৰণ কৰে । বিধানসভা নিৰ্বাচনৰ পিছতে বিটিআৰৰ ১০ টা মহকুমাত ১০ টা মিনি চিনেমাহল নিৰ্মান কৰাৰ কথা জানিবলৈ দিয়ে । এই বাৰ্তাই এতিয়া বিটিআৰবাসীক আনন্দিত কৰি তুলিছে ।
ইফালে, বিটিআৰৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োই উক্ত অনুষ্ঠানত প্ৰতিটো জাতি-জনগোষ্ঠীৰ জাতীয় সংগঠনে অংশগ্ৰহণ কৰাটো শুভলক্ষণ বুলি মন্তব্য কৰে । সমাৰোহত স্থানীয় ভাষাতে কবিতা লিখাৰ অনুষ্ঠান ৰখা হৈছে বুলি মন্তব্য কৰি এনে অনুষ্ঠান ৰাজ্যৰ ভিতৰতে প্ৰথম বুলি মন্তব্য প্ৰদান কৰিছে দাওবাইছা বড়োই ।