অসম

assam

ETV Bharat / state

চিকিৎসালয়ত প্ৰমোদ বড়োৰ ছাডেন ভিজিট - Sudden Visit

কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰে বিটিআৰৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ কোনো ধৰণৰ আগতীয়া খবৰ নিদিয়াকৈ চিকিৎসালয়খনত উপস্থিত হৈয়েই মুখ্য কাৰ্যবাহী বড়োই চিকিৎসালয়খনৰ কেবাটাও বিভাগৰ কক্ষত প্ৰৱেশ কৰি চিকিৎসাধীন ৰোগী সকলৰ স্বাস্থ্য সেৱা সম্পৰ্কীয় অভাৱ-অভিযোগ আদিৰ ওপৰত মত বিনিময় কৰে ৷

btr-chief-promad-boro-sudden-visit-kokrajhar-civil-hospital
কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত প্ৰমোদ বড়োৰ ছাডেন ভিজিট

By

Published : Dec 18, 2020, 7:52 PM IST

কোকৰাঝাৰ ১৮ ডিচেম্বৰ : বিটিআৰৰ নৱনিযুক্ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শুকুৰবাৰে বিয়লী হঠাৎ কোকৰাঝাৰ চহৰস্থিত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰে ৷ কোনো ধৰণৰ আগতীয়া খবৰ নিদিয়াকৈ চিকিৎসালয়খনত উপস্থিত হৈয়েই মুখ্য কাৰ্যবাহী বড়োৱে চিকিৎসালয়খনৰ কেবাটাও বিভাগৰ কক্ষত প্ৰৱেশ কৰি চিকিৎসাধীন ৰোগী সকলৰ স্বাস্থ্য সেৱা সম্পৰ্কীয় অভাৱ-অভিযোগ আদিৰ ওপৰত মত বিনিময় কৰে ৷

কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত প্ৰমোদ বড়োৰ ছাডেন ভিজিট

সাধাৰণ ৰোগীৰ ৱাৰ্ডৰ পৰা আৰম্ভ কৰি প্ৰসূতি বিভাগলৈ প্ৰমোদ বড়োয়ে এফালৰ পৰা পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা কেনেদৰে চলি আছে সেই দিশৰ ওপৰতো বুজ লয় ৷ পৰিদৰ্শনৰ অন্তত বড়োৱে সাংবাদিকৰ আগত মন ব্যক্ত কৰি কয় যে,আৰ.এন.বি. অসামৰিক চিকিৎসালয়খন কোকৰাঝাৰ জিলাবাসী ৰাইজৰ চিকিৎসা সেৱাৰ ভৰষাস্থল ৷ সংকটজনক অৱস্থাত কোকৰাঝাৰবাসীয়ে উন্নত চিকিৎসা সেৱাৰ বাবে ৰোগীক গুৱাহাটী, বঙাইগাঁও আৰু শিলিগুৰিলৈ নিয়াৰ বাদে গত্যন্তৰ নাথাকে ৷ তদুপৰি কোকৰাঝাৰত বৰ্তমান এখনো উন্নত চিকিৎসালয় নাই ৷ সেয়েহে জিলাবাসীয়ে যাতে চৰকাৰী চিকিৎসালয়তে চিকিৎসা সেৱাৰ সুবিধাসমূহ লাভ কৰিব পাৰে তাৰ প্ৰতি দৃষ্টি ৰখা হৈছে ৷

আনপিনে বিটিআৰৰ নতুন পৰিষদীয় চৰকাৰখনে শিক্ষা আৰু চিকিৎসা সেৱা খণ্ডত অধিক প্ৰাধান্য দিছে বুলিও মন্তব্য প্ৰদান কৰে প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক: SI কেলেংকাৰীৰ চাৰ্জশ্বিট দাখিল চি আই ডিৰ

ABOUT THE AUTHOR

...view details