অসম

assam

By

Published : Mar 1, 2021, 4:23 PM IST

ETV Bharat / state

বিপিএফৰ অৱস্থা এতিয়া দাঁত নোহোৱা সিংহৰ দৰে: প্ৰমোদ বড়ো

বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ নেতৃত্বত আগন্তুক চৰকাৰ গঠন কৰিব বুলি দাবী কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধন বিজেপি, ইউপিপিএল আৰু অগপৰ বাবে কোনো ধৰণৰ প্ৰত্যাহ্বান নহয় বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে বিজেপি, ইউপিপিএল আৰু অগপৰ মিত্ৰজোঁটেই অসমত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷

btr-chief-promad-boro
btr-chief-promad-boro

কোকৰাঝাৰ, ১ মাৰ্চ : নিৰ্বাচন আয়োগে অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে বিটিআৰতো ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা আৰু কুচকাৱাজ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কোন দলে চৰকাৰ গঠন কৰিব, কোনে কিমান আসন লাভ কৰিব তাৰ সমীকৰণত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী ৷ ইফালে, কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধনত চামিল হৈ বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ নেতৃত্বতে আগন্তুক চৰকাৰ গঠন কৰিব বুলি দাবী কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

সোমবাৰে কোকৰাঝাৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে, হাগ্ৰামাৰ যাদুৰ লাঠি এতিয়া আৰু নচলে ৷ যাদুৰ লাঠি ছিঙি গ’ল ৷ বিপিএফে কংগ্ৰেছৰ মহাজোঁট বন্ধনত চামিল হ’লেও চৰকাৰ গঠন কৰিব নোৱাৰে ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট বন্ধন বিজেপি, ইউপিপিএল আৰু অগপৰ বাবে কোনো ধৰণৰ প্ৰত্যাহ্বান নহয় ৷ আগন্তুক নিৰ্বাচনত বিজেপি,ইউপিপিএল আৰু অগপৰ মিত্ৰজোঁটেই অসমত চৰকাৰ গঠন কৰিব ৷

বিপিএফৰ অৱস্থা এতিয়া দাঁত নোহোৱা সিংহৰ দৰে: প্ৰমোদ বড়ো

লগতে প্ৰমোদ বড়োৱে কয় যে, এইবাৰ নিৰ্বাচনত আমাৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই, কাৰণ দুৰ্নীতিগ্ৰস্ত দলবোৰহে একত্ৰিত হৈছে ৷ বিগত সোতৰ বছৰে দুৰ্নীতিত লিপ্ত বিপিএফৰ বিৰুদ্ধে মাত মাতি অহা কংগ্ৰেছ, এআইইউডিএফে বিপিএফক পুনৰ আকোঁৱালি লোৱাটোহে আশ্চৰ্যজনক ৷

আনহাতে, মহাজোঁট বন্ধনৰ অংশীদাৰী দলসমূহে সংখ্যালঘু ভোটৰ আশাত যি পৰিকল্পনা কৰিছে সেয়া সফল নহ'ব বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে বিপিএফৰ অৱস্থা এতিয়া দাঁত নোহোৱা সিংহৰ দৰে হৈছে ৷ সংখ্যালঘু ভোটাৰ ৰাইজ এতিয়া কংগ্ৰেছ অথবা এআইইউডিএফৰ মতে নচলে ৷ বিটিআৰত সম্প্ৰতি বড়ো-অবড়ো নাই ৷ সকলো জাতি-জনগোষ্ঠী মিলিজুলি চৰকাৰ চলাই আছে ৷

লগতে পঢ়ক:আসনৰ ভাগ বটোৱাৰাক লৈ বিজেপি-অগপৰ বৈঠক

ABOUT THE AUTHOR

...view details