কোকৰাঝাৰ, 4 এপ্ৰিল :বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা ১৯৩ টা পৰিয়ালৰ আত্মীয়লৈ সোমবাৰে আগবঢ়োৱা হয় আৰ্থিক অনুদান ৷ শ্বহীদ পৰিয়াললৈ পাচঁ লাখ টকাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয় সোমবাৰৰ দিনটোত ৷ কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীত অৱস্থিত বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত কালি বিয়লি অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ জৰিয়তে শ্বহীদ পৰিয়ালবৰ্গলৈ আৰ্থিক অনুদানৰ এই চেক প্ৰদান কৰা হয় (Financial aid to bodoland movement martyrs) ৷
বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম সহ বিটিআৰৰ কেইবাগৰাকী কাৰ্যবাহী সদস্যই ১৯৩ গৰাকী শ্বহীদৰ পৰিয়ালৰ মাজত চেকসমূহ বিতৰণ কৰে ৷ উল্লেখ্য যে, অসম চৰকাৰৰ অনুমোদনত আৰু বিটিআৰ চৰকাৰৰ সহযোগত বড়োলেণ্ড আন্দোলনত প্ৰাণাহুতি দিয়া ৩,১৬৮ গৰাকী শ্বহীদৰ পৰিয়ালক পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে ৷ সেই অনুসৰি সোমবাৰে প্ৰথম পৰ্যায়ত ১৯৩ গৰাকী শ্বহীদ পৰিয়াললৈ আগবঢ়োৱা হয় আৰ্থিক অনুদান (BTR administration distributes cheque among martyrs families) ৷