অসম

assam

ETV Bharat / state

দাখিল হ'ল বিটিআৰৰ ২০২১-২২ বৰ্ষৰ বাজেট - বিটিআৰ

কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হয় বিটিআৰৰ ২০২১-২২ বৰ্ষৰ বাজেট অধিবেশন । বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে সদনত বিটিআৰৰ ২০২১-২২ বৰ্ষৰ বাবে ৩,২২২ কৌটি ৪৭ লাখ ৫৩ হেজাৰ টকাৰ সাধাৰণ বাজেট দাখিল কৰে ৷ বিটিআৰৰ অধীনত থকা আটাইকেইটা বিধানসভা সমষ্টিত ইউপিপিএল আৰু বিজেপি দলে মিলি সকলোখিনি আসন দখল কৰিব বুলি দাবী প্ৰমোদ বড়োৰ ।

দাখিল হ'ল বিটিআৰৰ ২০২১-২২ বৰ্ষৰ বাজেট
দাখিল হ'ল বিটিআৰৰ ২০২১-২২ বৰ্ষৰ বাজেট

By

Published : Feb 27, 2021, 5:26 PM IST

কোকৰাঝাৰ ২৭ ফেব্ৰৱাৰী: শুকুৰবাৰে কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হয় বিটিআৰৰ ২০২১-২২ বৰ্ষৰ বাজেট অধিবেশন । কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বাজেট অধিবেশনখন । বিটিআৰৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সদনত বিটিআৰৰ ২০২১-২২ বৰ্ষৰ বাবে ৩,২২২ কৌটি ৪৭ লাখ ৫৩ হেজাৰ টকাৰ সাধাৰণ বাজেট দাখিল কৰে ৷ এই বাজেটখন অহা এক মাৰ্চত অনুষ্ঠিত হ'বলগা বাজেট অধিবেশনৰ দিনাখন সদনৰ মজিয়াত আলোচনা কৰাৰ অন্তত গৃহীত হোৱাৰ সম্ভৱনা আছে ৷

বাজেট দাখিল কৰি প্ৰমোদ বড়োৱে বিটিআৰৰ বাজেটে পৰিষদৰ পিছপৰা আৰু সমস্যাৰে জৰ্জৰিত জনগোষ্ঠীসকলক লাভাম্বিত কৰিব ৷ বাজেটত শিক্ষা, কৃষি আৰু স্বাস্থ্যখণ্ডৰ উপৰিও সমাজ কল্যাণত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে ৷ ইফালে বিটিআৰৰ মিত্ৰজোঁটৰ চৰকাৰখনে ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত বিটিআৰৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাবে প্ৰত্যকৰে একো এখনকৈ উন্নয়ন বোৰ্ড আৰু মহকুমা ভিত্তিক ভূমি উপদেষ্টা ব’ৰ্ড গঠন কৰাৰ সিদান্ত গ্ৰহণ কৰা বুলি সদৰী কৰে । লগতে বিটিআৰত বিভিন্ন বিভাগত খালী হোৱা পদত নিযুক্তি দিয়া, টেট শিক্ষক আৰু ১৯৯৯ শিক্ষকৰ সমস্যাৰ উপৰি পূৰ্বৰ চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়া চাকৰি আৰু বকেয়া ধন আদায় দিবলৈ বাকী থকা ঠিকাদাৰ সকলোৰো সমস্যা শীঘ্ৰে সমাধান কৰাৰ প্ৰতিশ্ৰতি দিয়ে প্ৰমোদ বড়োৱে ।

দাখিল হ'ল বিটিআৰৰ ২০২১-২২ বৰ্ষৰ বাজেট

ইপিনে বিটিচিৰ বাজেট অধিবেশনত হাগ্ৰামা মহিলাৰীকে আদি কৰি বিপিএফৰ কোনো এজন পৰিষদ উপস্থিত নথকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰমোদ বড়োৱে কয় যে বিপিএফে নীতিহীন ৰাজনীতি কৰিছে বাবে ৰাইজৰ উন্নয়নৰ চিন্তা কৰা নাই ৷ আগন্তক বিধানসভা নিৰ্বাচন সম্পৰ্কে বড়োৱে বিটিআৰৰ অধীনত থকা আটাইকেইটা বিধানসভা সমষ্টি ইউপিপিএল আৰু বিজেপি দলে মিলি সকলোখিনি আসন দখল কৰিব বুলি দাবী কৰে ৷ তেওঁ লগতে কয় যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ইউপিপিএলে পৰিৱৰ্তনৰ হকে কাম কৰি আছে গতিকে ৰাইজে এইবাৰো নিজৰ সমৰ্থন ইউপিপিএল দলকে দিব ৷

লগতে পঢ়ক:ইলেকশ্যন কৰ্ণাৰ কাম হেল্প ডেস্ক উদ্বোধন

ABOUT THE AUTHOR

...view details