অসম

assam

ETV Bharat / state

BTR Budget Session : বিৰোধীৰ তুমুল প্ৰতিবাদৰ মাজতে বাজেট পাঠ প্ৰমোদ বড়োৰ - বিটিআৰৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী

দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা কোকৰাঝাৰত বিটিআৰৰ বাজেট অধিৱেশন(BTR Budget Session 2022) আৰম্ভ ৷ সদনৰ প্ৰশ্নোত্তৰ শিতান দিনান্তলৈ লৈ যোৱাক কেন্দ্ৰ কৰি বিৰোধীৰ প্ৰতিবাদ ৷ প্ৰমোদ বড়োৰ বাজেট ভাষণ পাঠ(BTR budget session with two day programme) বৰ্জনৰে সদন ত্যাগ বিৰোধীৰ ৷ প্ৰশ্নোত্তৰ শিতানত পুনৰ সদনত উপস্থিত থাকে বিৰোধী তথা বিপিএফৰ পাৰিষদসকল ৷

btr-budget-session-with-two-day-programme
বিটিআৰৰ বাজেট অধিৱেশন

By

Published : Apr 5, 2022, 9:20 AM IST

কোকৰাঝাৰ, 5 এপ্ৰিল :বিটিআৰ বিধান পৰিষদীয় ভৱনত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিআৰৰ বাজেট অধিৱেশন(BTR Budget Session 2022) ৷ মন কৰিবলগীয়া যে, কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিটিআৰৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে বিটিআৰৰ বিৰোধী দল, বিপিএফৰ পাৰিষদসকলে সদনৰ মজিয়া উত্তাল কৰি তোলে ৷

আনকি গণতন্ত্ৰৰ পৰম্পৰা ভংগ কৰাৰ অভিযোগ তুলি বিৰোধী দলে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বাজেট ভাষণ বৰ্জন(BTR budget session with two day programme) কৰে ৷ অৱশ্যে বিৰোধী দলৰ তুমুল প্ৰতিবাদৰ মাজতে সদনত বিটিআৰৰ বাজেট প্ৰতিবেদন পাঠ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

ভাষণ শুনিবলৈ অহা নাই বুলি বিৰোধীয়ে প্ৰমোদ বড়োৰ বাজেট ভাষণ(Budget Speech of BTR chief Pramod Boro)ৰ সময়চোৱাত সদন ত্যাগ কৰা দেখা যায় ৷ উল্লেখ্য যে, বাজেট অধিৱেশনৰ প্ৰথম দিনা প্ৰমোদ বড়ো নেতৃত্বাধীন শাসকীয় পৰিষদখনে সদনত প্ৰশ্নকালীন শিতানক প্ৰাধান্য প্ৰদান নকৰি কেৱল বাজেটৰ দীঘলীয়া প্ৰতিবেদন পাঠৰ ওপৰতে গুৰুত্ব দিয়াত বিৰোধী দল বিপিএফৰ পাৰিষদকসকলক অসন্তুষ্ট কৰি তোলে ৷

আজি বিটিআৰৰ বাজেট অধিৱেশনৰ দ্বিতীয়টো দিন

বিটিআৰবাসীৰ সমস্যাক সদনত উত্থাপন কৰিবলৈ প্ৰাধান্য নিদি কেৱল বাজেট প্ৰতিবেদন পাঠ কৰাত গুৰুত্ব আৰোপ কৰাত এয়া জনবিৰোধী বুলি ক্ষোভিত হৈ পৰে বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী ৷ ইপিনে বিৰোধীৰ দলপতি দেৰাহাছাৎ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদনৰ প্ৰশ্নোত্তৰ শিতান শেষৰপিনে লৈ যোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, সংসদীয় গণতন্ত্ৰত প্ৰশ্নোত্তৰ শিতানক প্ৰথম অগ্ৰাধিকাৰ দিয়া হয় ৷

কিন্তু তাকে নকৰি শাসকীয় দলে কেৱল বাজেটৰ প্ৰতিবেদন পাঠৰে প্ৰথম এজেণ্ডা লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি দেৰহাছাৎ বসুমতাৰীয়ে কয় যে, এয়া গণতন্ত্ৰৰ অশুভ পৰস্পৰা ৷ প্ৰশ্নোত্তৰ শিতানৰ পৰিৱৰ্তে প্ৰমোদ বড়োৰ ভাষণ আগত দি জনসাধাৰণৰ আশা-আকাংক্ষা মষিমূৰ কৰিছে বুলিও মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ উল্লেখ্য যে, বাজেট ভাষণ বৰ্জন কৰিলেও প্ৰশ্নোত্তৰ শিতানত সদনত পুনৰ উপস্থিত থাকে বিৰোধী তথা বিপিএফৰ পাৰিষদসকল(MCLA of BTR) ৷

লগতে চাওক:Rajya Sabha Election: মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়াৰ কথা স্বীকাৰ কৰিলে কংগ্ৰেছে

ABOUT THE AUTHOR

...view details