কোকৰাঝাৰ, ৪ ছেপ্টেম্বৰ: বিটিআৰৰ সদৰ কোকৰাঝাৰত ছয় ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক(Assam cabinet meeting in Kokrajhar)৷ অসম চৰকাৰৰ কেবিনেট বৈঠক উপলক্ষে ইতিমধ্যে বিটিআৰ পৰিষদ আৰু জিলা প্ৰশাসনে কোকৰাঝাৰ সদৰ চহৰখনক ন-কইনাৰ ৰূপত চৌদিশে আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে ।
বৰষুণে বিধি-পথালি দিলেও প্ৰশাসনে সদৰ চহৰখনক সৰ্বাংগসুন্দৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই ৷ ইতিমধ্যে বিটিচআৰ সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰ, বড়োলেণ্ড অতিথিশালাকে ধৰি বিভিন্ন বিভাগৰ অতিথিশালা, অভাৰব্ৰীজ, চহৰৰ অন্যান্য ঠাই সমূহ ৰং-তুলিকাৰে নতুন ৰূপত সজাই-পৰাই তুলিছে ।
মঙলবাৰে অৰ্থাৎ ছয় ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠক উপলক্ষে দেওবাৰে বিটিআৰৰ প্ৰধান সচিব অনুৰাগ গোৱেলৰ(BTC principal secretary Anurag Goel) অধ্যক্ষতাত সচিবালয়ৰ প্ৰেক্ষাগৃহত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা(Kokrajhar district DC), জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবে(Kokrajhar SP), বিটিআৰৰ সচিবসকল আৰু বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে ।