অসম

assam

By

Published : Jan 19, 2021, 4:30 PM IST

ETV Bharat / state

কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানক লৈ ব্যাপক প্ৰস্তুতি

কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠান । প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ মঙলবাৰে গ্ৰীণ ফিল্ডত উপস্থিত হৈ বৰ্ষপূৰ্তিৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বিষয়ে বুজ ল'লে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ড০ এল আৰ বিষ্ণৈয়ে ৷

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰত যুদ্ধকালীন প্ৰস্তুতি
বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰত যুদ্ধকালীন প্ৰস্তুতি

কোকৰাঝাৰ, ১৯ জানুৱাৰী: বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত যুদ্ধকালীন প্ৰস্তুতি চলিছে ৷ অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ উল্লেখ্য যে, বিটিআৰ প্ৰশাসনৰ উদ্যোগত উদযাপিত হ'বলগীয়া বৰ্ষপূৰ্তিৰ প্ৰথম দিনাৰ অৰ্থাৎ ২৪ জানুৱাৰীৰ কাৰ্যসূচীত অংশ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰত যুদ্ধকালীন প্ৰস্তুতি

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্তত মঙলবাৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ড০ এল আৰ বিষ্ণৈয়ে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থাসহ আন প্ৰস্তুতি সম্পৰ্কে বুজ লয় ৷ হেলিপেডো পৰিদৰ্শন কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ পিছত তেওঁ সাংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তাৰ লগতে আন সকলোবোৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

গ্ৰীণ ফিল্ডক ২১ টা ছেক্টৰত বিভক্ত কৰা হৈছে আৰু প্ৰতিটো ছেক্টৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ বৰ্ষপূৰ্তি অনুষ্ঠানস্থলী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত নিৰাপত্তাৰক্ষীৰ ১৫টা কোম্পানী মোতায়েন কৰা হ'ব ৷ চিচি টিভিৰ নিৰীক্ষণত থাকিব প্ৰতিটো স্থান । বৃহৎ অনুষ্ঠানটি স্বাস্থ্যবিধি মানি সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিছে ড০ এল আৰ বিষ্ণৈয়ে ৷ লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশেষ অতিথিৰ লগতে সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰা হ'ব বুলিও তেওঁ সদৰি কৰে ৷ উল্লেখ্য যে, গ্ৰীণ ফিল্ডত ৪ লাখ আসনৰ ব্যৱস্থা কৰা হৈছে ৷


লগতে পঢ়ক:বৰপেটাৰ মাঘ বিহু মেলাৰ নামত অশ্লীল নৃত্যঃ এজনক আটক

ABOUT THE AUTHOR

...view details