অসম

assam

ETV Bharat / state

কোকৰাঝাৰত বহু প্ৰত্যাশিত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন - বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন ৷ বিভিন্ন জাতি - জনগোষ্ঠীৰ কলা , কৃষ্টি দলৰ অংশগ্ৰহণৰে বিটিআৰ সদৰ চহৰ কোকৰাঝাৰত সোমবাৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ পূৰ্বতে বড়ো - অনাবড়ো বুলি যি বিভাজন আছিল সেয়া এতিয়া নাইকিয়া হৈছে বুলি মন্তব্য কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে ৷

Breaking News

By

Published : Jan 25, 2021, 5:47 PM IST

কোকৰাঝাৰ ২৫ জানুৱাৰী : বিগত বছৰত বহু প্ৰত্যাশিত বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্পূৰ্ণ এবছৰ হ’ল ৷ দেওবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত সোমবাৰে বিভিন্ন জাতি -জনগোষ্ঠীৰ কলা, কৃষ্টি দলৰ অংশ গ্ৰহণৰে বিটিআৰ সদৰ চহৰ কোকৰাঝাৰত সোমবাৰে এক বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন

এই সাংস্কৃতিক শোভাযাত্ৰাত বড়ো, ৰাভা, কোচ ৰাজবংশী, নেপালী , অসমীয়া, বঙালী, নাথ, যোগী, মাৰোৱাৰীকে ধৰি ১৫ টাৰো অধিক কলা-কৃষ্টিৰ দলৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে ৷

কোকৰাঝাৰত বহু প্ৰত্যাশিত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন
সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছতেই উকিল মুছাহাৰীয়ে সংবাদমাধ্যমৰ আগত বিভিন্ন জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰা আজিৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰাই বিটিআৰত শান্তি, সম্প্ৰীতি আৰু সমন্বয়ৰ চানেকি প্ৰতিফলিত কৰি তোলা বুলি মন্তব্য প্ৰকাশ কৰে ৷
কোকৰাঝাৰত বহু প্ৰত্যাশিত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন

বিগত ১৭ বছৰে এই অঞ্চলত শান্তি নাছিল আৰু উন্নয়নৰ মুখ ৰাইজে দেখা নাছিল বুলি মন্তব্য কৰি মুছাহাৰীয়ে কয় যে, যোৱা বছৰৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত হোৱা বিটিআৰ চুক্তিৰ পিছত সকলো পৰিবৰ্তন হল ৷

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন

এতিয়া শান্তিৰ বাতাবৰণ ঘূৰি আহিছে ৷ তদুপৰি ইউপিপিএল, বিজেপি আৰু জিএছপিয়ে সন্মিলিতভাৱে বিটিআৰত চৰকাৰ গঠন কৰাৰ পিছত উন্নয়নৰ কাম কাজ আৰম্ভ হোৱাৰ লগতে বড়ো-অনাবড়ো বুলি যি বিভাজন আছিল সেয়া এতিয়া নাইকিয়া হৈছে বুলি মন্তব্য কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন
ইপিনে ক্ৰীড়া সন্থাৰ খেল পথাৰৰ উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ দলটোৱে নৃত্য - গীত প্ৰৰ্দশনেৰে কোকৰাঝাৰ চহৰ মুখৰিত কৰি তোলে ৷ এনেদৰে চহৰ খনৰ বিভিন্ন পথত সমদল কৰি সাংস্কৃতিক শোভাযাত্ৰাৰ দলটো বিটিআৰ সচিবালয় পথাৰত সমবেত হয় আৰু তাতে অনুষ্ঠিত এক সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:ভাৰত-চীনৰ নৱমলানি আলোচনাৰ মাজতেই সীমান্তত পুনৰ সংঘাত

ABOUT THE AUTHOR

...view details