অসম

assam

By

Published : Jan 24, 2021, 11:31 AM IST

ETV Bharat / state

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি অমিত শ্বাহ

উখল-মাখল কোকৰাঝাৰ ৷ কোকৰাঝাৰৰ গ্ৰেণী ফিল্ডত ৰবিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ গ্ৰীণ ফিল্ডলৈ বৈছে জনতাৰ সোঁত ৷ বৰ্ষপূৰ্তিৰ পূৰ্বে দেওবাৰৰ প্ৰথম কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

বিটিআৰ চুক্তি
বিটিআৰ চুক্তি

কোকৰাঝাৰ, ২৪ জানুৱাৰী: কোকৰাঝাৰৰ গ্ৰেণী ফিল্ডত দেওবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি চাৰিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৷

কোকৰাঝাৰৰ গ্ৰেণী ফিল্ডত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান আৰম্ভ

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত বিশাল আয়োজন কৰা হৈছে ৷ বৰ্ষপূৰ্তিৰ দেওবাৰৰ প্ৰথম কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

পুৱাৰ ঠেৰেঙা লগা শীতকো নেওচি জনতাৰ সোঁত

পুৱাৰ ঠেৰেঙা লগা শীতকো নেওচি গৃহমন্ত্ৰীৰ জনসমাৱেশত অংশগ্ৰহণ কৰিবলৈ বিটিআৰৰ বিভিন্ন জিলাৰ পৰা গ্ৰীণ ফিল্ডলৈ বৈছে জনতাৰ সোঁত ৷

নৃত্য-গীতৰ সাংস্কৃতিক অনুষ্ঠান

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যেৰে ইতিমধ্যে উপস্থিত হৈছেহি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, সমূহ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য, আৰক্ষী, নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া-বৰ্গ আৰু বিটিআৰ প্ৰশাসনৰ আমোলা বিষয়া ৷

নৃত্য-গীতৰ সাংস্কৃতিক অনুষ্ঠান

মুখ্য অতিথিয়ে জনসাধাৰণক সম্বোধি ভাষণ প্ৰদান কৰিবলগীয়া মূল মঞ্চৰ সন্মুখত আয়োজন কৰা হৈছে বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীতৰ এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ ৷

জনসমাৱেশ

উল্লখ্য যে, ২০২০ বৰ্ষৰ ২৭ জানুৱাৰীত দিল্লীত এবছু, এমডিএফবি আৰু ইউবিপিঅ'ৰ নেতৃত্বত দিল্লীত বিটিআৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল ।

লগতে পঢ়ক:আমছুৰ নতুন সভাপতিৰ মতে সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয় !

ABOUT THE AUTHOR

...view details