অসম

assam

ETV Bharat / state

কোকৰাঝাৰত বিটিচি টেট শিক্ষকৰ ধৰ্মঘট - কোকৰাঝাৰ (বিটিএডি) টেট

কোকৰাঝাৰ ৰাজমেলা পথাৰত বিটিচি টেট শিক্ষকৰ ধৰ্মঘট ৷ শিক্ষক - শিক্ষয়িত্ৰীৰ চাকৰি বিনাচৰ্তে নিয়মীয়াকৰন কৰা, খালি পদ মেধাৰ ভিত্তিত নিয়মীয়াকৰন কৰা, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আৰ টি ই 2009 অনুসৰণ কৰি অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰা দাবীত ধৰ্মঘট ৷

btc tet teacher protest at kokrajhar
কোকৰাঝাৰ ৰাজমেলা পথাৰত বিটিচি টেট শিক্ষকৰ ধৰ্মঘট

By

Published : Dec 7, 2019, 11:32 PM IST

কোকৰাঝাৰ , 7 ডিচেম্বৰ :সদৌ ষষ্ঠ অনুসূচীত (বিটিএডি) টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ উদ্যোগত কোকৰাঝাৰ ৰাজমেলা পথাৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আৰ টি ই 2009 অনুসৰণ কৰি অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰাৰ দাবীৰ সমৰ্থনত আজি সদৌ ষষ্ঠ অনুসূচীত (বিটিএডি) টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ উদ্যোগত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

পুৱা 10 বজাৰ পৰা 1 বজালৈ অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত বিটিএডিৰ চাৰিখন জিলাৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰে । টেট (বি টি এ ডি) উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সংস্থাৰ সভাপতি সঞ্জয় সূত্ৰধৰে ষষ্ঠ অনুসূচীৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ দাবী জনাই বিটিএডিত অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে ।

কোকৰাঝাৰ ৰাজমেলা পথাৰত বিটিচি টেট শিক্ষকৰ ধৰ্মঘট

আৰু পঢ়ক : ছট্টিছগড়ত গণ ধৰ্ষণৰ বলি মুম্বাইৰ নৃত্যশিল্পী

ABOUT THE AUTHOR

...view details