অসম

assam

ETV Bharat / state

বিটিচিত নাথ-যোগী সম্প্ৰদায়ৰ প্ৰতিনিধি মনোনীত নকৰাক লৈ অসন্তুষ্টি - বিটিআৰ পৰিষদীয় চৰকাৰ

নৱগঠিত বিটিচি পৰিষদত নাথ-যোগী প্ৰতিনিধিক মনোনীত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিটিচি নাথ-যোগী যুৱ সন্মিলনীৰ ৷

বিটিআৰত নাথ যোগীৰ প্ৰতিনিধি মনোনীত নকৰাক লৈ অসন্তুষ্টি
বিটিআৰত নাথ যোগীৰ প্ৰতিনিধি মনোনীত নকৰাক লৈ অসন্তুষ্টি

By

Published : Dec 19, 2020, 9:54 PM IST

কোকৰাঝাৰ, ১৯ ডিচেম্বৰ : ইউপিপিএল, বিজেপি আৰু জিএছপি নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰত নাথ-যোগী সম্প্ৰদায়ৰ এজনো প্ৰতিনিধি মনোনীত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিচি নাথ-যোগী যুৱ সন্মিলনীয়ে ৷

প্ৰমোদ চন্দ্ৰ নাথৰ মন্তব্য

শনিবাৰে সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে সংবাদমাধ্যমৰ আগত কয় যে যোৱা ১৭ বছৰে বিটিচিত বসবাস কৰা নাথ-যোগী লোকসকলে বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ আহিছে ৷ এইবেলিও ইউপিপিএল, বিজেপি আৰু জিএছপি নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰত নাথ-যোগী সম্প্ৰদায়ৰ এজনো প্ৰতিনিধি মনোনীত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

বিটিচি নাথযোগী যুৱ সন্মিলনীৰ বিষেদগাৰ

আগন্তুক দিনত পৰিষদীয় চৰকাৰে বিভিন্ন নিগম, নিকায় বোৰ্ডসমূহত নাথ-যোগী লোকক অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনাইছে ৷ অন্যথা গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে ৷

লগতে পঢ়ক :আগন্তুক নিৰ্বাচনত শিৱসাগৰ সমষ্টিত আঞ্চলিক দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অখিল গগৈ

ABOUT THE AUTHOR

...view details