অসম

assam

ETV Bharat / state

বিটিচিৰ কাৰ্যবাহী সদস্য পদৰ পৰা আতৰালে দেবেন বড়োক - কাৰ্যবাহী সদস্য গণেশ কছাৰী

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে কাৰ্যবাহী সদস্য দেবেন বড়োক বিটিচিৰ কাৰ্যবাহী সদস্যৰ পদৰ পৰা আতৰাই ৷

বিটিচিৰ কাৰ্যবাহী সদস্য পদৰ পৰা আতৰালে দেবেন বড়োক

By

Published : Sep 27, 2019, 8:37 AM IST

কোকৰাঝাৰ 27 চেপ্তেম্বৰ : বিটিচিৰ অভ্যন্তৰত সংঘাত আৰম্ভ হৈছে নেকি ? কিয়নো গণেশ কছাৰীৰ পিচত এইবাৰ কাৰ্যবাহী সদস্যৰ পৰা আতৰালে দেবেন বড়োক ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে কাৰ্যবাহী সদস্য দেবেন বড়োক বিটিচিৰ কাৰ্যবাহী সদস্যৰ পদৰ পৰা আতৰাই ৷ দৰঙাজুলি সমষ্টিৰ এমচিএলএ হিচাপে কাৰ্যনিৰ্বাহ কৰা দেবেন বড়োক হঠাৎ এনেদৰে আতৰাই দিয়াক লৈ বিটিচিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেবেন বড়ো

কি কাৰণত সদস্যগৰাকীক কাৰ্যবাহী সদস্য পদৰ পৰা আতৰালে এই সম্পৰ্কত কোনো তথ্য প্ৰকাশ কৰা নাই বিটিচিৰ তৰফৰ পৰা ৷ ইয়াৰ বিপৰীতে দেবেন বড়োৰ স্থানত বিজিত গৌড়া নাৰ্জাৰীক কাৰ্যবাহী পদত অধিষ্ঠিত কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৷ হস্ততাঁত আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য আছিল দেবেন বড়ো ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ আন এগৰাকী কাৰ্যবাহী সদস্য গণেশ কছাৰীকো কাৰ্যবাহী সদস্যৰ পৰা আতৰাইছিল হঠাৎ ৷

ABOUT THE AUTHOR

...view details