অসম

assam

ETV Bharat / state

কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ ভোটগণনা আৰম্ভ...

কোকৰাঝাৰৰ পাঁচটা পৰিষদীয় সমষ্টিৰ ভোটগণনা আৰম্ভ ৷ জিলাখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা  ৷

By

Published : Dec 12, 2020, 12:34 PM IST

btc election vote counting in kokrajhar
কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

কোকৰাঝাৰ,12 ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ কোকৰাঝাৰ মহকুমাৰ পাঁচটা সমষ্টি ক্ৰমে 7 নং ফকিৰাগ্ৰাম, 9 নং বনৰগাঁও, 10 নং দেবৰগাঁও, 11 নং বাওখুংগ্ৰী আৰু 12 নং ছালাকাটি সমষ্টিৰ ভোটগণনা আৰম্ভ ৷ কোকৰাঝাৰ মহকুমাৰ পাঁচটা সমষ্টিৰ 2,85,150 গৰাকী ভোটাৰে 27 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ।

জিলা ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে জনোৱা মতে, ইতিমধ্যে ভোটগণনা আৰম্ভ হৈছে । ইয়াৰ লগে লগে তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা ভোটগণনা কেন্দ্ৰত বাহাল ৰখা হৈছে । পোষ্টেল বেলটৰ ভোটগণনাও আৰম্ভ হৈছে ৷

উল্লেখ্য যে, দেবৰগাঁও সমষ্টিত 159 টা ভোটৰ ভিতৰত বিপিএফৰ হাগ্ৰাম মহিলাৰীয়ে 81 টা আৰু ইউপিপিএলৰ বুদ্ধদেৱ মুছাহাৰীয়ে 78 টা ভোট লাভ কৰে ৷ বনৰগাঁও সমষ্টিত 159 টা পোষ্টেল ভোটৰ ভিতৰত ইউপিপিএলৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্মই 77 টা, বিপিএফৰ প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মই 55 টা ভোট লাভ কৰাৰ বিপৰীতে 27 টা ভোট বাতিল হয় ৷

ছালাকাটি সমষ্টিত 70 টা পোষ্টেল ভোটৰ ভিতৰত বিপিএফে 49 টা, ইউপিপিএলে 14 টা, বিজেপিয়ে 3 টা, জিএছপিয়ে 3 টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 1 টা ভোট লাভ কৰে ৷ বাওখুংগ্ৰী সমষ্টিত 82 টা পোষ্টেল ভোটৰ ভিতৰত ইউপিপিএলে 44 টা, বিপিএফে 35 টা, জিএছপিয়ে 2 টা আৰু কংগ্ৰেছ প্ৰাৰ্থীয়ে 1 টা ভোট লাভ কৰে ৷

ফকিৰাগ্ৰাম সমষ্টিত 38 টা পোষ্টেল ভোটৰ ভিতৰত বিজেপিয়ে 13 টা, ইউপিপিএলে 9 টা, এআইইউডিএফে 6 টা, জিএছপিয়ে 1 টা, নিৰ্দলীয় প্ৰাৰ্থীয়ে 7 টা ভোট লাভ কৰাৰ বিপৰীতে 2 টা ভোট বাতিল হয় ৷

লগতে পঢ়ক :বিটিচি নিৰ্বাচন : কোনে মাৰিব শেষ হাঁহি ?

ABOUT THE AUTHOR

...view details