কোকৰাঝাৰ,15 জুন: মহামাৰী কৰ’ণাৰ আতংকৰ মাজতো বড়োভূমিত বলিব ধৰিছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ গৰম বতাহ । নিৰ্বাচনৰ তাৰিখ পুনৰ ঘোষণা নোহোৱা স্বত্বেও কৰ’ণাৰ আতংকক আওকাণ কৰি বিটিচি দখলৰ যুঁজত নামি পৰিছে বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকল ৷ সম্প্ৰতি নিজা নিজা ৰণকৌশল প্ৰস্তুতিত ব্যস্ত শাসকীয় দল বিজেপিকে ধৰি বিপিএফ,ইউপিপিএল,গণ সুৰক্ষা দল আদি ৷ কিন্তু এই প্ৰস্তুতিৰ মাজতে নিৰ্বাচনীকেন্দ্ৰিক হিংসা আৰম্ভ হ’বলৈ ধৰিছে বড়োভূমিত ৷
কিছুদিনপূৰ্বে হাগ্ৰামা মহিলাৰীৰ সমষ্টিৰ কচুগাঁৱত ইউপিপিএলৰ সমৰ্থকক আক্ৰমণ কৰাৰ ঘটনা মাৰ নৌযাওঁতেই একে সমষ্টিতে মহিলা সমৰ্থকৰ এটা দলক আক্ৰমণ কৰা কাৰ্যই এই হিংসা তীব্ৰতৰ কৰি তুলিছে ৷ কিন্তু ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটন নকৰাকৈয়ে দলসমূহে আৰম্ভ কৰিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷