অসম

assam

ETV Bharat / state

বিটিচিত হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - himanta biswa sarma

টংলাৰ এখন বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ শৰ্মাই বিটিচিত হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব বুলি মন্তব্য কৰে ৷ ইয়াৰ লগতে, অহা 2-3মাহৰ ভিতৰত লাফিকালৰ হত্যাকাৰীক পোহৰলৈ অনা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

btc-election-himanta-biswa-sarma-kokrajhar
বিটিচিত হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 16, 2020, 10:29 PM IST

কোকৰাঝাৰ,16 নৱেম্বৰ:বিটিচিত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে আৰম্ভ হৈছে ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ ৷ সোমবাৰে টংলাৰ এখন বিজেপিৰ নিৰ্বাচনী সভাত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ কোকৰাঝাৰত বিজেপিৰ চৰকাৰ নিশ্চিত ভাৱে হ'ব আৰু তাত হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বিটিচিত হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সভাত লাফিকুলৰ হত্যাকাণ্ড বিটিচিত এক ৰাজনৈতিক হত্যাকাণ্ড আছিল বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ অহা ২-৩ মাহৰ ভিতৰত লাফিকুলৰ হত্যাকাৰী পোহৰলৈ আনিবলৈ ভাৰত চৰকাৰে চিবিআইৰ লগত যোগাযোগ কৰিছে বুলিও মন্ত্ৰী শৰ্মাই সভাত মন্তব্য কৰে ৷

অন্য এক খবৰৰ বাবে: প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কাকপথাৰৰ প্ৰেছ ক্লাবৰ

ইফালে, পাকিস্তান জিন্দবাদ বিতৰ্ক সন্দৰ্ভতো আজমলক উভতি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই ৷ দুটা ধমক দিওতেই পাকিস্তান জিন্দাবাদ দিয়াটো আজমলে স্বীকাৰ কৰা বুলিও ক'লে হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

...view details