কোকৰাঝাৰ, 17 ফেব্ৰুৱাৰীঃআগন্তক এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে বিপিএফ দল ৷ সোমবাৰে কোকৰাঝাৰত অনুষ্ঠিত হোৱা বিপিএফৰ কাৰ্যনিৰ্বাহক বৈঠকতে আগন্তুক বিটিচি নিৰ্বাচন বাবে ১৫ জন প্ৰাৰ্থীৰ টিকট নিশ্চিত কৰে দলে ৷
আগন্তুক বিটিচি নিৰ্বাচনক লৈ সাজু বিপিএফ দল টিকট নিশ্চিত কৰা প্ৰাৰ্থীসকল ক্ৰমে-
1. হাগ্ৰামা মহিলাৰী, দেৱৰগাঁও সমষ্টি
2. খাম্পা বৰগয়াৰী, চিৰাং দুৱাৰ সমষ্টি
3. ডনেশ্বৰ গয়াৰী, বাওঁশুংৰী সমষ্টি
4. ৰাজীৱ কুমাৰ ব্ৰহ্ম, বনৰগাঁও সমষ্টি
5. মৃত্যুঞ্জয় নাৰ্জাৰী, চৰাইবিল সমিষ্টি
6. অনসুমই শুংগুৰ বসুমতাৰী
7. জগদীশ চৰকাৰ, মুদৈবাৰী সমষ্টি
8. নেৰসৌন বড়ো,ভেৰগাঁও সমষ্টি
9. তৃদীপ দৈমাৰী, হৰিছিঙা সমষ্টি
আগন্তুক বিটিচি নিৰ্বাচনক লৈ সাজু বিপিএফ দল 10.শ্যাম সন্দি , ননৌ চেৰফাং সমষ্টি
11. বনজাৰ দৈমাৰী, খালিং দুৱাৰ সমষ্টি
12. বিজিৎগৌৰ নাৰ্জাৰী,দৰঙাজুলী সমষ্টি
13.মহেশ্বৰ বসুমতাৰী,গোৰেশ্বৰ সমষ্টি
14.মুন মুন ব্ৰহ্ম,পূৰ্বতজৰা সম্পতি
15. লৌমস্রোও দৈমাৰী, খাইৰাবাৰী সমষ্টি
আনহাতে ৰৌতা সমষ্টিৰ বিপিএফৰ এ এম অলিন্দ্ৰ মুছাহাৰীক এইবেলি দলীয় প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে পৰ্বতঝোৰা সমষ্টিৰ পৰা মুন মুন ব্ৰহ্মক প্ৰাৰ্থীত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে বিপিএফৰ কাৰ্যনিৰ্বাহক বৈঠকে ৷ ইয়াৰোপৰি হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফৰ মিত্ৰজোঁটে ৩০ খন আসন লাভ কৰিব বুলি দাবী কৰি বিজেপি অগপ বিপিএফৰ মিত্ৰতা অব্যাহত থাকিব বুলি সদৰি কৰে ।
লগতে পঢ়ক-বিজেপি মানেই দেশ নহয় আৰু মনুস্মৃতি মানেই সংবিধান নহয়ঃ বাওঁ গণতান্ত্ৰিক মঞ্চ