অসম

assam

ETV Bharat / state

কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰীক প্ৰদান অত্যাধুনিক যন্ত্ৰপাতি - উদ্যোগ আৰু বাণিজ্য বিভাগৰ আঁচনি

থলুৱা উদ্যোগৰ প্ৰসাৰৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগৰ আঁচনি ৷ বিতৰণ কৰিলে ধান ভঙা যন্ত্ৰ, সৰিয়হৰ তেল পেৰা যন্ত্ৰ ডিটিপি মেচিন ৷

কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰীক প্ৰদান অত্যাধুনিক যন্ত্ৰপাতি

By

Published : Jun 18, 2019, 5:41 AM IST

কোকৰাঝাৰ, 18 জুনঃ কোকৰাঝাৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ আঁচনি৷ 61 গৰাকী হিতাধিকাৰী মাজত বিতৰণ ধান ভঙা যন্ত্ৰ, সৰিয়হৰ তেল পেৰা যন্ত্ৰ ডিটিপি মেচিন ৷ কোকৰাঝাৰত থলুৱা উদ্যোগ বৃদ্ধি আৰু প্ৰসাৰৰ বাবে সোমবাৰে বিটিচি উদ্যোগ আৰু বাণিজ্য বিভাগে হিতাধিকাৰীৰ মাজত বিতৰণ কৰে বহু অত্যাধুনিক যন্ত্ৰপাতিৰ লগতে বিভিন্ন সা-সৰঞ্জাম ৷

কোকৰাঝাৰত 61 গৰাকী হিতাধিকাৰীক প্ৰদান অত্যাধুনিক যন্ত্ৰপাতি
উক্ত অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহি সদ্যস গণেশ কোচাৰী উপস্থিত থাকি থলুৱা উদ্যোগি সকলে যন্ত্ৰপাতি তথা সা-সৰঞ্জামৰ অভাৱত উদ্যোগৰ প্ৰসাৰ বৃদ্ধি কৰিব পৰা নাই বুলি মন্তব্য কৰি থলুৱা উদ্যোগীক সকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে আগন্তুক দিনত বিটিএডিৰ 265 গৰাকী স্থানীয় থলুৱা উদ্যাগীক সা-সৰঞ্জাম আদিকে ধৰি 10 বিধ সামগ্ৰী বিতৰণ কৰা হব বুলি সদৰী কৰে ৷ উক্ত অনুষ্ঠানত বিটিএডিৰ উদ্যোগ আৰু বাণিজ্যৰ মুৰব্বী বিষয়া নৱ কুমাৰ তালুকদাৰ, বিটিচিৰ যুটীয়া সচিব সুবলক্ষ্মী ডেকা, সাধাৰণ প্ৰবন্ধক হেমাংগ দ্বীপ দাস আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details