অসম

assam

By

Published : Feb 15, 2023, 8:14 PM IST

ETV Bharat / state

Pramod Bodo Slams Hagrama: সমাজক বিপথে পৰিচালিত কৰিব বিচাৰিছে হাগ্ৰামাই; প্ৰমোদ বড়ো

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো (BTC CEM Pramod Bodo) ৷ হাগ্ৰামা মহিলাৰীয়ে জনতাক বিপথে পৰিচালিত কৰিব বিচৰাৰ অভিযোগ প্ৰমোদ বড়োৰ ৷ হাগ্ৰামাৰ কাৰ্যকালত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধেও সৰৱ হ’ল বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকী ৷

Pramod Bodo Slams Hagrama
সমাজক বিপথে পৰিচালিত কৰিব বিচাৰিছে হাগ্ৰামাই; প্ৰমোদ বড়ো

সমাজক বিপথে পৰিচালিত কৰিব বিচাৰিছে হাগ্ৰামাই; প্ৰমোদ বড়ো

কোকৰাঝাৰ, 27 ফেব্ৰুৱাৰী: হাগ্ৰামা মহিলাৰীয়ে জনতাক বিপথে পৰিচালিত কৰিব বিচাৰিছে । বন্দুক-বাৰুদৰ খেলা বহুত হ’ল ৷ এতিয়া সমাজখন সুস্থভাৱে আগবাঢ়িছে, শান্তি ঘূৰি আহিছে আৰু উন্নয়ন হৈছে ৷ জাতিয়ে যি পাব লাগে পাইছে, যি হেৰাব লাগে হেৰুৱাইছে । এই মন্তব্য বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ (BTC CEM Pramod Bodo) ।

27 ফেব্ৰুৱাৰীত কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় নলেজ উৎসৱৰ লাইখুঁটা স্থাপন কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ হাগ্ৰামা মহিলাৰীয়ে জনতাক বিপথে পৰিচালিত কৰিব খুজিলে নিজেই বিপথে যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ মহিলাৰীয়ে ভুৱা অভিযোগ দিয়াৰ পূৰ্বে তেওঁলোকৰ চৰকাৰৰ সময়ত 2900 কোটিৰ লিবাৰ্টি কেনেকৈ হ’ল, 30 ফেব্ৰুৱাৰীতো কেনেকৈ বিল দাখিল হ’ল, কেনেদৰে 1500 কোটি টকাৰ ভুৱা Administrative Approval দিলে তাৰ বাখ্যা প্ৰথমে কৰিক বুলিও কয় প্ৰমোদ বড়োৱে (Pramod Bodo slams Hagrama) ৷

লগতে ভৱিষ্যতে বড়োলেণ্ডত কোনেও যাতে হৰলুকি কৰিব নোৱাৰে তাৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে বুলিও সদৰী কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে ৷ ইফালে, বিপিএফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত কেইদিনমান পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰমোদ বড়োৱে (BTR ex MLA arrested) ৷

প্ৰমোদ বড়োৱে কয়, ‘‘হাগ্ৰামা মহিলাৰীয়ে কেৱল অভিযোগতে দায়িত্ব সামৰিব খোজাটো দুৰ্ভাগ্যজনক । যি সময়ত শান্তি ঘূৰি আহিছে তেনে সময়তে হাগ্ৰামা মহিলাৰীয়ে যি কোনো কথা কৈ সমাজক বিপথে পৰিচালিত কৰিব খোজাটো কেৱল দুৰ্ভাগ্যজনকেই নহয়, ই গৰিহণাৰো যোগ্য ৷’’ হাগ্ৰামা মহিলাৰীক প্ৰমাণ সাব্যস্ত কৰিবলৈ আদালতৰ কাষ চপাৰো প্ৰত্যাহ্বান প্ৰমোদ বড়োৰ (Corruption in BTR) ৷

বড়ো ভূমিৰ বনাঞ্চলক বেদখলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি যাৰ প্ৰকৃততে ভূমি নাই তেওঁলোকক সংস্থাপন দিয়া হ’ব বুলিও সংবাদমাধ্যমক অৱগত কৰে (Eviction drive in BTR) ৷ লগতে চহৰত অট্টালিকা থকাৰ পাচতো বনাঞ্চলৰ ভূমি বেদখল কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো ইংগিত দিয়ে ৷ আনহাতে কোকৰাঝাৰকে ধৰি বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ডকাইতিকাণ্ডৰ সৈতে জড়িত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক:Health department exam paper leaked: স্বাস্থ্য বিভাগৰ প্ৰশ্নকাকত ফাদিল কৰা নাচিমাসহ স্বামীক জে’ললৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details