অসম

assam

By

Published : Oct 1, 2020, 8:04 AM IST

ETV Bharat / state

বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত জোৰ সমদল

বিটিএডিত ৰাজ্যপালৰ শাসন বলবৎ হৈ থকাৰ সময়তে অঞ্চলটোত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বিপিএফকে ধৰি বিভিন্ন দল সংগঠনে আৰম্ভ কৰিছে এলানি প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে নিশাও বিটিএডিৰ বিভিন্ন প্ৰান্তত দেখা গ’ল জোৰ সমদলৰ কাৰ্যসূচী ৷

btc area elections held protest
বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত জোৰ সমদল

কোকৰাঝাৰ,চিৰাং,বিলাসীপাৰা, 1অক্টোৱৰঃ বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত উত্তাল বড়ো ভূমি ৷ বুধবাৰে বিটিএডিৰ চিৰাং,বিলাসীপাৰা, কোকৰাঝাৰ আদি স্থানত জোৰ সমদল বাহিৰ কৰি বিপিএফ দলে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷ কেইবা সহস্ৰাধিক লোকে ভাগ লোৱা এই জোৰ সমদলৰ জৰিয়তে উত্তাল কৰি তোলে বড়ো ভূমিৰ বিভিন্ন অঞ্চলসমূহ ৷ আমাক নিৰ্বাচন লাগে, বিপিএফ জিন্দাবাদ,হাগ্ৰামা মহিলাৰী জিন্দাবাদ আদি ধ্বনিৰে বিপিএফ কৰ্মী সকলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰী সকল ৷ উল্লেখ্য যে ক’ৰণা মহামাৰীৰ ভয়াৱহ সংক্ৰমনৰ বাবে এপ্ৰিল মাহতে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন স্থগিত ৰাখি বিটিএডিত ৰাজ্যপালৰ শাসন বলবৎ কৰা হৈছিল ৷ যাৰ ফলত বিটিচি শাসিত অঞ্চলটোত উন্নয়নৰ কাম স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে ৷

বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত জোৰ সমদল
আনহাতে শেহতীয়াভাৱে চৰকাৰে স্বাভাৱিক জীৱন যাত্ৰাৰ ক্ষেত্ৰত কিছু শিথিলতা আনি দিয়াৰ পিছতো নিৰ্বাচন আয়োগ তথা ৰাজ্য চৰকাৰে বিটিএডিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে বিপিএফ দল ৷ বিপিএফৰ নেতা তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দোণেশ্বৰ গয়াৰীৰ মন্তব্য, অধিক দিনলৈ বিটিচিত নিৰ্বাচন পিছুৱাই নিয়াৰ পৰিকল্পনা বিটিচি বাসীয়ে বিচৰা নাই ৷ ৰাজ্যপালৰ শাসন সমাপ্ত হোৱাৰ পূৰ্ৱে বিটিচিত শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী বিপিএফৰ ৷
বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত জোৰ সমদল
লগতে পঢ়কঃমালিগাঁৱত তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details