কোকৰাঝাৰ, 25 নৱেম্বৰ : কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ দেওবাৰে বিয়লি সামৰণি পৰে ৷
বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ সামৰণি চূড়ান্ত মেচত গোৰেশ্বৰ টাউন এফ চিয়ে (বাক্সা) ভেৰগাঁও দলক (ওদালগুৰি) 4-0 ৰ ব্যৱধানত পৰাস্ত কৰে ৷ গোৰেশ্বৰ এফ চিৰ জিজ্ঞাস ডেকাই শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ৷
বিজয়ী দলে বঁটাৰ সৈতে দুই লাখ টকাৰ পুৰস্কাৰ লাভ কৰে ৷ আনহাতে, ৰানাৰ্ছ আপ দলে লাভ কৰে এক লাখ টকাৰ পুৰস্কাৰ ৷
সামৰণি অনুষ্ঠানত উপস্থিত থাকে এ. ডি. সাহা, ধনেশ্বৰ গয়াৰী, পাৰ্থ প্ৰতিম মজুমদাৰ, ৰাজেন সিং, বিৰেন চন্দ্ৰ ফুকন আদিকে ধৰি বহুকেইজন ব্যক্তি ৷
আৰু পঢ়ক : ডিগবৈত শোকাবহ পথ দুৰ্ঘটনা : নিহত চাৰি