অসম

assam

ETV Bharat / state

ৰাজ্যপাল শাসনৰ বিৰোধিতাৰে বিপিএফৰ আন্দোলন কাৰ্যসূচী - BPF will taken various protest program

পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি বিটিচিত অহা 27 ছেপ্তেম্বৰত ৰাজ্যপালৰ শাসন অন্ত পৰিব লাগে যদিও শাসনাধিষ্ঠ বিজেপি চৰকাৰে চলে, বলে, কৌশলে বিটিচিত ৰাজ্যপালৰ শাসনকাল বৃদ্ধি কৰিব বিচাৰিছে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে বিপিএফ দল ৷ ইয়াৰ পৰিপেক্ষিততে আগন্তুক 28 ছেপ্তেম্বৰৰ পৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দলটোৱে ৷

BPF will taken various protest program opposing more governor rule in BTC
ৰাজ্যপাল শাসনৰ বিৰোধিতাৰে বিপিএফৰ আন্দোলন কাৰ্যসূচী

By

Published : Sep 26, 2020, 9:24 PM IST

কোকৰাঝাৰ, 26 ছেপ্তেম্বৰ: বিটিচিত ৰাজ্যপাল শাসনৰ সময়সীমা বৃদ্ধি কৰাৰ বিৰোধিতাৰে আৰু শীঘ্ৰে বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দবীৰে বিপিএফ দলে ঘোষণা কৰিছে প্ৰতিবাদৰ এলানি কাৰ্যসূচী ৷ শনিবাৰে কোকৰাঝাৰ চহৰত থকা বিপিএফৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰি কৰিছে বিপিএফৰ সহ সম্পাদক প্ৰবীণ বড়োৱে ৷ নেতা গৰাকীয়ে উল্লেখ কৰা অনুসৰি, অহা 28 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰতিবাদী আন্দোলনৰ এই কাৰ্যসূচী ৷

উল্লেখ্য যে, পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি বিটিচিত অহা 27 ছেপ্তেম্বৰত ৰাজ্যপালৰ শাসন অন্ত পৰিব লাগে যদিও শাসনাধিষ্ঠ বিজেপি চৰকাৰে চলে, বলে, কৌশলে বিটিচিত ৰাজ্যপালৰ শাসনকাল বৃদ্ধি কৰিব বিচাৰিছে ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে বিপিএফ দল ৷ ইয়াৰ পৰিপেক্ষিততে আগন্তুক 28 ছেপ্তেম্বৰৰ পৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দলটোৱে ৷ প্ৰবীণ বড়োৱে ঘোষণা কৰা অনুসৰি 28 আৰু 29 ছেপ্টেম্বৰত কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ সদৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বিপিএফ দলে ৷ আনহাতে 30 ছেপ্তেম্বৰৰ দিনটোত প্ৰতিটো ব্লকত টৰ্চ লাইট ৰেলী, 1 অক্টোবৰত বাইক ৰেলী আৰু 2 অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনটোৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে নেতা গৰাকীয়ে ৷ ইয়াৰ ওপৰিও বিজেপিয়ে বিপিএফৰ লগতে বিটিচিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি অভিযোগ উত্থাপন কৰিছে বিপিএফৰ সহ সম্পাদক প্ৰবীণ বড়োৱে ৷ ৰাজ্যপাল শাসন শেষ হোৱাৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী তুলি ক'ৰণাৰ বাবে নিৰ্বাচন অনুষ্ঠিত নোহোৱাটো কোনো কাৰণ হ'ব নোৱাৰে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ৷

লগতে পঢ়কঃ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নিযুক্ত সাংসদ দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details