অসম

assam

ETV Bharat / state

BPF rally in Kokrajhar: আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি বিপিএফৰ বিশাল পদযাত্ৰাৰ লগতে জনজাগৰণ সভা - বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো

কোকৰাঝাৰত বিপিএফৰ বিশাল পদযাত্ৰাৰ লগতে জনজাগৰণ সভা ৷ জনজাগৰণ সভাত অংশ লৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷ প্ৰমোদ বড়োই একো কাম কৰা নাই , বিটিচি ধ্বংসহে কৰি আছে বুলি উল্লেখ বিপিএফ প্ৰধানগৰাকীৰ ৷ বিটিচিত বিপিএফে চৰকাৰ গঠন কৰাৰ পিচতে প্ৰমোদ বড়োৱে দিছপুৰক গতাই দিয়া বিভাগসমূহ ছেকেণ্ডতে ওভতাই আনিম বুলিও মন্তব্য হাগ্ৰামাৰ (Hagrama Mahilari slammed Pramod Boro ) ৷

rally in Kokrajhar
বিটিআৰ প্ৰধানৰ বিৰুদ্ধে সৰৱ বিপিএফ সভাপতি

By

Published : Apr 2, 2023, 11:42 AM IST

বিটিআৰ প্ৰধানৰ বিৰুদ্ধে সৰৱ বিপিএফ সভাপতি

কোকৰাঝাৰ, 2 এপ্ৰিল :লোকসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে ৰাজনৈতিৰ দলবোৰে বিভিন্ন সভা-সমিতিৰ আয়োজন কৰা পৰিলক্ষিত হৈছে ৷ বিপিএফ দলৰ উদ্যোগত শনিবাৰে কোকৰাঝাৰত বিশাল পদযাত্ৰা আৰু জনসভাৰ আয়োজন কৰা হয় । কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা বিপিএফৰ বিশাল পদযাত্ৰাই এক বৃহৎ এলেকা সামৰি লয় ৷ উক্ত পদযাত্ৰাৰ সময়চোৱাত 'প্ৰমোদ বড়ো হাটাও বিটিচি বাচাও' শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে বিপিএফ দলৰ নেতা-কৰ্মীসকলে ৷ প্ৰায় তিনি কিলোমিটাৰ জোৰা পদযাত্ৰাৰ অন্তত কোকৰাঝাৰ চহৰৰ মুখ্য বজাৰত দলটোৰ উদ্যোগত এক জনজাগৰণ সভা অনুষ্ঠিত কৰা হয় (Rally and public meeting in Kokrajhar)।

বিটিআৰ প্ৰধানৰ বিৰুদ্ধে সৰৱ বিপিএফ সভাপতি

জনসভাত অংশ লৈ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰে । প্ৰমোদ বড়োই যোৱা তিনি বছৰত একো কাম নকৰিলে বৰং বিটিচি ধ্বংস কৰিবলৈ গৈ আছে বুলি সভাত মন্তব্য কৰি এবছুৱে হে বিটিচি চলাই আছে বুলি দাবী উত্থাপন কৰে বিপিএফৰ সভাপতিগৰাকীয়ে । প্ৰমোদ বড়োই একো কাম কৰা নাই বুলি উল্লেখ কৰাৰ লগতে ইউপিপিএল দলে কোনো জাতি জনগোষ্ঠীৰ উন্নতি সাধন নকৰে বুলি মন্তব্য কৰে মহিলাৰীয়ে (Hagrama Mahilari slammed Pramod Boro )।

হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত কয় যে, বিটিচি এবছু কাৰ্যালয়ৰ পৰা চলায় থকা হৈছে । এবছুৱে নিজৰ জাতিকে শেষ কৰিছে গতিকে আন জাতি-জনগোষ্ঠীৰ কথা কি ভাবিব বুলি উল্লেখ কৰে মহিলাৰীয়ে ৷ লোকসভা নিৰ্বাচনৰ পিছতেই বিটিচি নিৰ্বাচন আৰু তাৰপিছতে অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । চৰকাৰ গঠন হোৱাৰ লগে লগেই বিপিএফ দলে কেবিনেট বৈঠক অনুষ্ঠিত কৰি প্ৰমোদ বড়োই দিছপুৰক গতাই দিয়া বিভাগসমূহ ছেকেণ্ডতে ওভোতাই আনিব বুলি সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে (BTC Chief Hagrama Mahilari)।

বিটিআৰ প্ৰধানৰ বিৰুদ্ধে সৰৱ বিপিএফ সভাপতি

ক্ষমতালৈ আহিলে পূৰ্বৰ দৰেই শক্তি আৰু ক্ষমতাৰে বিটিচি চলাব বুলি আশ্বাস প্ৰদান কৰি প্ৰমোদ বড়োৱে নিযুক্তি প্ৰদানৰ ক্ষমতা দিছপুৰক প্ৰদান কৰিছে বুলি উল্লেখ কৰি বহু চাকৰি জমা হৈ আছে বুলি কয় ৷ বিপিএফ দলে চাকৰি প্ৰদান কৰিব বুলিও কয় বিপিএফ প্ৰধানগৰাকীয়ে । ৪০ টা বিভাগত জিলাভিত্তিত চাকৰি দিম বুলি উল্লেখ কৰাৰ লগতে তেওঁ বিপিএফৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ প্ৰমোদ বড়ো চৰকাৰে ভূমিহীন লোকক ভূমিৰ পট্টা দিয়াৰ সলনি উচ্ছেদহে চলাই আছে বুলি তীক্ষ্ণ সমালোচনা কৰে মহিলাৰীয়ে (Loksabha election 2024)।

বিটিআৰ প্ৰধানৰ বিৰুদ্ধে সৰৱ বিপিএফ সভাপতি

প্ৰমোদ বড়ো চৰকাৰে কোনো জাতি-জনগোষ্ঠীৰ উন্নতি সাধন নকৰে বুলি অভিযোগ কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলে কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰি দুয়োটা সমষ্টিতে জয়লাভ কৰিব বুলি সভাত দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে । উল্লেখ্য যে, বিটিচি অঞ্চলত শান্তিৰ বাবে বিপিএফৰ উদ্যোগত যোৱা ১৩ মাৰ্চৰ পৰা পৰিষদীয় সমষ্টিয়ে সমষ্টিয়ে এই পদযাত্ৰা তথা জনজাগৰণ সভা চলি আছে আৰু ইতিমধ্যে ২০ টা সমষ্টিত পদযাত্ৰা সম্পন্ন হ'ল বুলি বিপিএফ দলে উল্লেখ কৰে ৷ অনুষ্ঠানটোলৈ সঁহাৰি আগবঢ়ায় বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে (UPPL president Pramod Boro) ৷

শনিবাৰৰ পদযাত্ৰাত বিপিএফৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, বিপিএফৰ শীৰ্ষ নেতা ক্ৰমে খাম্পা বৰগয়াৰী, দেৰহাছাৎ বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, দনেশ্বৰ গয়াৰী আদিকে ধৰি বিপিএফৰ বহু নেতা-সমৰ্থকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Tezpur bihu dance workshop : তেজপুৰৰ বিহুনাচ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details