অসম

assam

By

Published : Jul 4, 2023, 6:59 PM IST

ETV Bharat / state

BPF Protest : ওদালগুৰি সমষ্টিৰ দাবীত BPF ৰ ধৰ্ণা কাৰ্যসূচী

পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বিটিআৰত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবীত মঙলবাৰে বিপিএফৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ।

BPF Protest for demanding Udalguri constituency
ওদালগুৰি সমষ্টিৰ দাবীত BPF ৰ ধৰ্ণা কাৰ্যসূচী

ওদালগুৰি সমষ্টিৰ দাবীত BPF ৰ ধৰ্ণা কাৰ্যসূচী

কোকৰাঝাৰ, ৪ জুলাই : যোৱা 20 জুনত নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বিটিআৰত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবীত মঙলবাৰে বিপিএফৰ উদ্যোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

এই ধৰ্ণা কাৰ্যসূচীত বিপিএফ দলৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম আদিকে ধৰি বিপিএফৰ আন আন নেতা কৰ্মীসকল উপস্থিত থাকে । ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা বিপিএফৰ কৰ্মী সকলে ওদালগুৰি লোকসভা সমষ্টি গঠনৰ দাবীত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

ইপিনে ধৰ্ণা কাৰ্যসূচীৰ অন্তত বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত ওদালগুৰি লোকসভা সমষ্টি গঠন নোহোৱাৰ আঁৰত প্ৰমোদ বড়ো আৰু ইউপিপিএলৰ হাত আছে বুলি অভিযোগ উত্থাপন কৰে । বিটিচি চুক্তি অনুসৰি বিটিচিত দুটা লোকসভা সমষ্টি থাকিব লাগে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, শাসনত থাকিও প্ৰমোদ বড়োই কিয় কেবিনেট বৈঠক অনুষ্ঠিত কৰি ওদালগুৰি লোকসভা সমষ্টি হ'ব লাগে বুলি নিৰ্বাচন আয়োগলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব নোৱাৰে সেয়া ৰহস্যজনক ।

ওদালগুৰি লোকসভা সমষ্টি গঠনৰ বাবে বিপিএফৰ আন্দোলন অব্যাহত থাকিব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, গোসাইগাঁৱত অনুষ্ঠিত হোৱা ধৰ্ণা কাৰ্যসূচীৰ পিচত নিৰ্বাচন আয়োগলৈ দিয়া স্মাৰক পত্ৰত কিছু ভুল থকা বাবে সেয়া প্ৰত্যাহাৰ কৰা হৈছে। ওদালগুৰি লোকসভা সমষ্টিক জনজাতি সংৰক্ষিত কৰিব লাগে বুলি স্মাৰকপত্ৰত উল্লেখ থকা বাবে বিপিএফে স্মাৰক পত্ৰ প্ৰত্যাহাৰ কৰিছিল।

মহিলাৰীয়ে লগতে কয় যে, বিপিএফৰ ভুল স্বীকাৰ কৰি লোৱাৰ সাহস আছে কিন্তু ইউপিপিএলৰ সেয়া নাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পিচতে ইউপিপিএল দলে আনন্দ-উলাহ কৰি ফটকা ফুটাই, মাছ-মাংস খোৱাটো ভুল আছিল ৷ হাগ্ৰামা মহিলাৰীয়ে অতি শীঘ্ৰে বিটিআৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰি আৰু বৈঠকত ওদালগুৰি লোকসভা সমষ্টি গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰি সেই প্ৰস্তাৱ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক:Protest at Sivasagar: সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আহোম নেকি !

ABOUT THE AUTHOR

...view details