কোকৰাঝাৰ, ২৩ ডিচেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে বিটিচি সচিবালয়ত অনুষ্ঠিত হ‘বলগীয়া আস্থা ভোট আৰু শক্তি প্ৰদৰ্শনৰ প্ৰাকক্ষণত তীব্ৰ আকৰ্ষনীয় হৈ পৰিছে বিটিচিৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট ৷ এইক্ষেত্ৰত সৰ্বাধিক ১৭ খন আসন লাভ কৰিও পৰিষদীয় চৰকাৰ গঠনৰ পৰা বঞ্চিত হোৱা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে কাইলৈৰ আস্থা ভোট সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন হব লাগিব বুলি দাবী কৰিছে ৷
নিৰ্বাচিত সকলো সদস্যক ভোটদানৰ সুযোগ নিদিলে বিপিএফে সদন ত্যাগ কৰিবঃ খাম্ফা বৰগয়াৰী - BPF
বৃহস্পতিবাৰে বিটিচি সচিবালয়ত অনুষ্ঠিত হ‘ব আস্থা ভোট ৷ কাইলৈৰ শক্তি প্ৰদৰ্শনৰ প্ৰাকক্ষণত তীব্ৰ আকৰ্ষনীয় হৈ পৰিছে বিটিচিৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট ৷ আনফালে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে কাইলৈৰ আস্থা ভোট সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন হব লাগিব বুলি দাবী উত্থাপন কৰিছে ৷
![নিৰ্বাচিত সকলো সদস্যক ভোটদানৰ সুযোগ নিদিলে বিপিএফে সদন ত্যাগ কৰিবঃ খাম্ফা বৰগয়াৰী bpf-press-meet](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9983264-thumbnail-3x2-kokrajhar.jpg)
বুধবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰস্থিত নিজা বাসভৱনত আয়োজিত এক সংবাদমেলত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী তথা বিপিএফ দলৰ মুখপাত্ৰ খাম্ফা বৰগয়াৰীয়ে কয় যে, " আস্থা ভোটত বিপিএফ দলক হৰুৱাবলৈ বিভিন্ন ধৰনৰ ষড়যন্ত্ৰ কৰা বুলি আমি খবৰ পাইছো ৷ গতিকে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াক সন্মান জনাই কও যে সদ্য সমাপ্ত বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ, বিজেপি, ইউপিপিএল আৰু জিএছপি দলৰ পৰা জয়ী হোৱা আটাই কেইগৰাকী সদস্য সু-শৰীৰে কাইলৈ অৰ্থাৎ ২৪ ডিচেম্বৰত আস্থা ভোট গ্ৰহণত উপস্থিত থাকিব লাগিব ৷ অৰ্থাৎ আস্থা ভোটৰ সময়ছোৱাত প্ৰতি গৰাকী নিৰ্বাচিত পাৰিষদক সোঁশৰীৰে উপস্থিত থাকি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ দিব লাগিব ৷ অন্যথা বিপিএফ দলে সদন ত্যাগ কৰিব ৷"
তদুপৰি বৰগয়াৰীয়ে লগতে বিটিচিৰ আস্থা ভোট ধ্বনি ভোট বা হাত ডাঙি কৰাৰ বিপৰীতে গোপন বেলটৰ দ্বাৰা অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে ।
লগতে পঢ়ক : শ্বহীদৰ সন্মানত আইটিবিপিয়ে ৰোপন কৰিলে এহেজাৰ গছপুলি