কোকৰাঝাৰ, ১৪ ডিচেম্বৰ :বিটিচিত বিজেপি ইউপিপিএল আৰু জিএচপিৰ যৌথ চৰকাৰে কাইলৈ অৰ্থাৎ মঙলবাৰে শপত গ্ৰহণ কৰাৰ প্ৰাকমুহুৰ্তত সোমবাৰে বিপিএফ দলে এক সংবাদমেলৰ আয়োজন কৰে । কোকৰাঝাৰস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত আয়োজিত হোৱা সংবাদমেলত বিপিএফ দলৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰবীণ বড়োৱে বিটিচি নিৰ্বাচনত বিপিএফ দলে সৰ্বাধিক আসন পোৱাৰ সূত্ৰে তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিবলৈ দাবী উত্থাপন কৰিছে ।
ইতিমধ্যে বিপিএফ দলৰ সভাপতিয়ে ৰাজ্যপাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু ৪০ খন আসনৰ ভিতৰত ১৭খন আসন লাভ কৰা বিপিএফ দলক চৰকাৰ গঠন কৰিবলৈ "প্ৰথম সুযোগ" দিয়াৰ বাবে অনুৰোধ কৰিছে ।