কোকৰাঝাৰ, 27 ডিচেম্বৰ : কোকৰাঝাৰত বিপিএফৰ শতাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান (BPF members joines BJP) ৷ বিটিআৰত ইউপিপিএল, বিজেপি আৰু জিএছপি মিত্ৰজোঁটৰ চৰকাৰে শাসনভাৰ চম্ভালি থকাৰ সময়তে সাংগঠনিক ভেঁটি মজবুত কৰাৰ ক্ষেত্ৰত গেৰুৱা দলটোৱে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ৷
বিজেপিলৈ বাট পোনালে বি পি এফ নেতা-কৰ্মীয়ে দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত বিজেপিৰ যোগদান সভাত বিপিএফৰ শতাধিক নেতা-কৰ্মীয়ে দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ বিপিএফৰ পৰা ফালৰি কাটি আহি বিজেপিত যোগদান কৰা বনৰগাঁও সমষ্টিৰ পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্মৰ নেতৃত্বত জিলাখনৰ শান্তিনগৰৰ দুটাকৈ ৱাৰ্ডৰ ডেৰ শতাধিক বিপিএফ সদস্যই গেৰুৱা বসন পৰিধান কৰে ৷
বিজেপিলৈ বাট পোনালে বি পি এফ নেতা-কৰ্মীয়ে ব্ৰহ্মই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম তথা বিটিআৰ উন্নয়নৰ দিশত দোপত-দোপে আগবাঢ়ি যোৱাৰ বাবে দেওবাৰে স্ব-ইচ্ছাই বিপিএফৰ সদস্যসকলে বিজেপিত যোগ দিবলৈ অহা বুলি সদৰী কৰে ৷
বিজেপিলৈ বাট পোনালে বি পি এফ নেতা-কৰ্মীয়ে বিজেপিৰ বনৰগাঁও সমষ্টিৰ মণ্ডল সভাপতি জাইকো জায়ত নাৰ্জাৰীয়ে বিটিআৰত বিজেপি দলৰ সাংগঠনিক ভেটি মজবুত কৰি তুলি 2025 চনত বিজেপিয়ে অকলেই চৰকাৰ গঠনৰ বাবে আগবাঢ়িব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে পঢ়ক:ছাত্ৰ সন্থাৰ সদস্যৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ লাগিব : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য