অসম

assam

ETV Bharat / state

অসমত যে হৰ্চ ট্ৰেডিং নহ’ব সেইটো নুই কৰিব নোৱাৰি:খাম্ফা বৰগয়াৰী

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত মহাজোঁটে ১১৭ খন আসন দখল কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে খাম্ফা বৰগয়াৰীয়ে ৷ লগতে ক’লে, বিজেপিয়ে আগে পিছে সমগ্ৰ ভাৰততে চৰকাৰ গঠন কৰিবৰ বাবে হৰ্চ ট্ৰেডিং কৰি আহিছে ৷ অসমত যে হৰ্চ ট্ৰেডিং নহ’ব সেইটো আমি নুই কৰিব নোৱাৰো ৷

অসমত যে হৰ্চ ট্ৰেডিং নহ’ব সেইটো নুই কৰিব নোৱাৰি:খাম্ফা বৰগয়াৰী
অসমত যে হৰ্চ ট্ৰেডিং নহ’ব সেইটো নুই কৰিব নোৱাৰি:খাম্ফা বৰগয়াৰী

By

Published : Apr 23, 2021, 7:14 PM IST

কোকৰাঝাৰ ২৩এপ্ৰিল:বিজেপিয়ে আগে পিছে সমগ্ৰ ভাৰততে চৰকাৰ গঠন কৰিবৰ বাবে হৰ্চ ট্ৰেডিং কৰি আহিছে ৷ অসমত যে হৰ্চ ট্ৰেডিং নহ’ব সেইটো নুই কৰিব নোৱাৰি ৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই চাঞ্চল্যৰ মন্তব্য আগবঢ়াইছে বিটিআৰৰ প্ৰাক্তন উপ-মুখ্যকাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে ৷ লগতে বৰগয়াৰীয়ে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত মহাজোঁটে ১১৭ খন আসন দখল কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷ একেদৰে বৰগয়াৰীয়ে কয় যে, বিটিআৰ এলেকাৰো ১২ খন আসনৰ ভিতৰত ১২ খনে বিপিএফে দখল কৰিব ৷

অসমত যে হৰ্চ ট্ৰেডিং নহ’ব সেইটো নুই কৰিব নোৱাৰি:খাম্ফা বৰগয়াৰী

ইপিনে বিজেপি আৰু ইউপিপিএল নেতৃত্বাধীন বৰ্তমানৰ বিটিআৰ পৰিষদীয় চৰকাৰ খনক অবৈধ আখ্যা দি বিটিআৰৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে অভিযোগ কৰা মতে, উচ্চ ন্যায়ালয়ে ফ্ল’ৰ টেষ্ট কৰাৰ নিৰ্দেশ দিছিল ৷ কিন্তু অবৈধ চৰকাৰ খনে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশানুযায়ী নিয়ম মানি ফ্ল’ৰ টেষ্ট কৰা নাই ৷

তদুপৰি বিগত তিনি মাহে উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত এই চৰকাৰ খনে কমিচনৰ যি কাৰ্যকলাপ চলাইছে সেয়া ৰাইজে প্ৰত্যক্ষ কৰিছে ৷ সেয়ে বিটিআৰত এতিয়া বিজেপি আৰু ইউপিপিএলৰ চৰকাৰ থকাতো কোনেও বিচৰা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিপিএফৰ শীৰ্ষ নেতা গৰাকীয়ে ৷


লগতে পঢ়কঃ তামোল-পাণৰ শৰাইলৈ অপহৃত পুত্ৰৰ মুক্তি বিচাৰিলে এহাল পিতৃ-মাতৃয়ে

ABOUT THE AUTHOR

...view details