অসম

assam

ETV Bharat / state

Hagrama Mohilary Corruption : হাগ্ৰামা মহিলাৰীৰ শাসনকালক বদনামী কৰাৰ চেষ্টা: দেৰহাছাৎ বসুমতাৰী - BPF leader Derhasat Basumatary

হাগ্ৰামা মহিলাৰীৰ শাসনকালৰ ১৯০০ কোটি টকাৰ ভুৱা বিলৰ বিয়াগোম দুৰ্নীতি (Scam allegation against Hagrama Mohilary)৷ বিপিএফৰ জ্যেষ্ঠনেতা তথা বিটিআৰ বিধান পৰিষদৰ দলপতি দেৰহাছাৎ বসুমতাৰীৰ প্ৰতিক্ৰিয়া ৷ হাগ্ৰামা মহিলাৰীৰ শাসনকালক বদনাম কৰাৰ চেষ্টা বুলি মন্তব্য দেৰহাছাৎ বসুমতাৰীৰ ৷

Hagrama Mohilary Corruption
বিটিআৰ বিধান পৰিষদৰ দলপতি দেৰহাছাৎ বসুমতাৰী

By

Published : Jan 24, 2023, 8:32 PM IST

বিটিআৰ বিধান পৰিষদৰ দলপতি দেৰহাছাৎ বসুমতাৰী

কোকৰাঝাৰ, ২৪ জানুৱাৰী : হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ আমোলত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগে জোঁকাৰণিৰ সৃষ্টি কৰিছে (Scam allegation against Hagrama Mohilary)৷ কেলেংকাৰীৰ তথ্য বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে(BTR chief Pramod Boro) সংবাদমেলযোগ সদৰী কৰাৰ পিচতে প্ৰমোদ বড়োক উভতি ধৰিছে বিটিআৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা বিপিএফৰ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰীয়ে ।

সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত দেৰহাছাৎ বসুমতাৰীয়ে কয় যে প্ৰমোদ বড়োৱে যি অভিযোগ উত্থাপন কৰিছে সেয়া সম্পূৰ্ণ ভুল আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত । প্ৰকৃততে উন্নয়নৰ ফালে পিঠি দি প্ৰমোদ বড়োৱে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বুলি মন্তব্য কৰে দেৰহাছাৎ বসুমতাৰীয়ে (BPF leader Derhasat Basumatary)৷ বিটিআৰ বিধান পৰিষদৰ বিৰোধী দলপতি তথা বিপিএফৰ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰীয়ে কয় যে নিটকোণ নামৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা চৰকাৰী অডিট কৰি সাংবিধানিক মৰ্যদা অৱমাননা কৰাৰ লগতে চৰকাৰী সংস্থা একাউনটেণ্ট জেনেৰেলক নাকচ কৰিছে ।

বিপিএফৰ ১৫ বছৰীয়া শাসনকালত প্ৰতিবছৰে নিয়মানুসৰি একাউনটেণ্ট জেনেৰলৰ দ্বাৰা অডিট সম্পন্ন কৰা হৈছিল আৰু ক’তো কোনোধৰণৰ দূৰ্নীতিৰ প্ৰশ্ন নাহে বুলি উল্লেখ কৰি এতিয়া প্ৰমোদ বড়ো চৰকাৰে নিটকণো নামৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা চৰকাৰী অডিট সম্পন্ন কৰাত আশ্চৰ্য প্ৰকাশ কৰি ইয়েই চৰকাৰৰ সাংবিধানিক মৰ্যাদা অৱমাননা কৰাৰ লগতে চৰকাৰ এখনৰ গোপনীয়তা ভংগ কৰিছে বুলি তেওঁ কয় ৷

চৰকাৰ এখনৰ অডিট একাউনটেণ্ট জেনেৰলৰ দ্বাৰাই কৰা হয় আৰু এয়াই নিয়ম বুলি মন্তব্য কৰি দেৰহাছাৎ বসুমতাৰীয়ে কয় যে ব্যক্তিগত সংস্থাই চৰকাৰী অডিট কৰাৰ কোনো নিয়ম নাই ৷ প্ৰকৃততে প্ৰমোদ বড়ো চৰকাৰৰ এয়া জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ কৌশল আৰু সম্পূৰ্ণভাৱে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য কৰি দেৰহাছাৎ বসুমতাৰীয়ে ৷ এনে প্ৰচাৰৰ জৰিয়তে হাগ্ৰামা মহিলাৰীৰ ১৫ বছৰীয়া শাসনকাল তথা পূৰ্বৰ চৰকাৰক বদনাম কৰাৰ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰি বসুমতাৰীয়ে প্ৰমোদ বড়ো চৰকাৰক এইবোৰৰ পৰা আঁতৰি থাকি উন্নয়নৰ কামত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, দুদিন পূৰ্বে প্ৰমোদ বড়োৱে দিল্লীৰ নিটকোণ নামৰ ব্যক্তিগত বিত্তীয় সংস্থাৰ প্ৰতিবেদনৰ আধাৰত হাগ্ৰামা মহিলাৰীৰ আমোলত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিৰ তথ্য ফাদিল কৰিছিল ৷ প্ৰমোদ বড়োৱে পূৰ্বৰ হাগ্ৰামা চৰকাৰে এৰি যোৱা প্ৰায় ৩ হাজাৰ কোটি টকাৰ অনাদায় বিলৰ ভিতৰত ১৯০০ কোটি টকাই ভুৱা বিল বুলি দাবী কৰিছিল (Scam in BPF govt)৷

লগতে পঢ়ক :APSC scam: এ পি এছ চিৰ ২০১৩ চনৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত পুনৰ আৰম্ভ

ABOUT THE AUTHOR

...view details