কোকৰাঝাৰ, ১৮ ফেব্ৰুৱাৰী:ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিপিএফ দলে বিটিআৰৰ অন্তৰ্গত ১২ টা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব । বিটিআৰ বাহিৰৰ সমষ্টিত বিপিএফ দলে প্ৰতিদ্বন্দিতা নকৰে ৷ এই মন্তব্য বিপিএফ দলৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ । বৃহস্পতিবাৰে কোকৰাঝাৰ সদৰ চহৰৰ পৰা কিছু আতৰত বালাজান তিনিআলিত আয়োজিত বিপিএফৰ এক যোগদান কাৰ্যসূচীৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত উক্ত মন্তব্য কৰে । সংবাদমাধ্যমৰ আগত কোৱা মতে বিপিএফে বিটিআৰৰ বাহিৰৰ কোনো সমষ্টিত প্ৰতিদ্বন্দিতা নকৰে যদিও সেইবোৰ সমষ্টিত যি দলৰ সৈতে মিত্ৰতা হ'ব সেই দলৰ প্ৰাৰ্থীকে সমৰ্থন জনোৱা হ'ব। আনহাতে নিৰ্বাচনক লৈ ৰাজ্যৰ দুই আঞ্চলিক দল ক্ৰমে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সতে মিত্ৰতা সন্দৰ্ভত আলোচনা চলি আছে বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে বিপিএফেে কোন দলৰ সৈতে মিত্ৰতা কৰিব সেয়া তিনি চাৰিদিনৰ ভিতৰত ঘোষণা কৰা হ'ব ।
বিটিআৰৰ বাহিৰত বিপিএফে প্ৰতিদ্বন্দিতা নকৰে:হাগ্ৰামা মহিলাৰী - ১২ টা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব
ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত বিপিএফ দলে বিটিআৰৰ অন্তৰ্গত ১২ টা বিধানসভা সমষ্টিতে প্ৰতিদ্বন্দিতা কৰিব বুলি সংবাদমাধ্যমৰ আগত সদৰি কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ বিপিএফৰ নেতা, কৰ্মীৰ, সমৰ্থকৰ ওপৰত আৰক্ষী প্ৰশাসনে নিৰ্যাতন চলাই থকা বুলিও সংবাদমাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

ইফালে বিপিএফৰ নেতা, কৰ্মী আৰু সমৰ্থকৰ ওপৰত আৰক্ষী প্ৰশাসনে নিৰ্যাতন চলাই থকা বুলি সংবাদমাধ্যমৰ আগত বিস্ফোৰক মন্তব্য কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে । হাগ্ৰামা মহিলাৰীৰ অভিযোগ অনুসৰি বিপিএফে এজাহাৰ দিলেও আৰক্ষীয়ে গ্ৰহণ নকৰে ৷
উল্লেখ্য যে কোকৰাঝাৰৰ তিনিআলিত আয়োজিত হোৱা বিপিএফৰ যোগদান সভাত ৩০ নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা ৪৫ গৰাকী পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ৷ যোগদান কাৰ্যসূচীত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , দেৱৰগাঁও ব্লক বিপিএফৰ উপ সভাপতি গিলবাৰ্ট বৰগয়াৰী , বিপিএফৰ মহিলা মঞ্চৰ জিলা সভানেত্ৰী ৰমাদেৱী ছেত্ৰীকে ধৰি বিপিএফৰ কেইবাগৰাকী কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা উপস্থিত থাকে ৷
লগতে পঢ়ক:মই মুখ্যমন্ত্ৰী পদৰ দৌৰত নাই: হিমন্ত বিশ্ব শৰ্মা