অসম

assam

ETV Bharat / state

কোনো কাৰণতে বিপিএফ চৰকাৰ গঠন কৰিব নোৱাৰে: প্ৰমোদ বড়ো - BPF cannot form government Says Pramod Bodo

কোকৰাঝাৰত প্ৰমোদ বড়োৰ BPFক তীব্ৰ কটাক্ষ । কোকৰাঝাৰত আনুষ্ঠানিকভাৱে UPPL দলৰ মুখ্য কাৰ্যালয় মুকলি কৰি তীক্ষ্ণ বাক্যবান এৰিলে বড়োৱে । কোনো কাৰণতে BPFয়ে চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও মন্তব্য কৰে বড়োৱে (BPF cannot form government, Says Pramod Bodo) ।

btr ceo pramod boro opens uppl team headquarters
কোনো কাৰণতে বিপিএফ চৰকাৰ গঠন কৰিব নোৱাৰে

By

Published : May 7, 2022, 10:41 PM IST

কোকৰাঝাৰ,৭ মে': কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ থানাপাৰাত শনিবাৰে BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে UPPL দলৰ মুখ্য কাৰ্যালয় মুকলি কৰে(BTR CEO Pramod Boro opens UPPL team headquarters) । দলীয় কাৰ্যালয় মুকলি কৰি প্ৰমোদ বড়োৱে কয় যে বিটিআৰত ৩৫ লাখ জনতাই যাতে শান্তি সম্প্ৰীতি উন্নয়নৰ লগতে নিৰাপত্তাৰে যাতে সহৱাস কৰিব পাৰে তাৰ বাবে UPPLৰ মিত্ৰজোঁটৰ চৰকাৰে অহৰ্নিশে কাম কৰি আছে বুলি মন্তব্য কৰে ।

BTRত পুনৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFয়ে BTR চৰকাৰ গঠন কৰাৰ কুচকাৱাজক লৈ সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে । লগতে কয় যে এয়া অযুক্তিকৰ আৰু অবাস্তব কথা ৷ কোনো কাৰণতে BPFয়ে চৰকাৰ গঠন কৰিব নোৱাৰে(BPF cannot form government, Says Pramod Bodo) ৷ BPFয়ে চৰকাৰ গঠন কৰাৰ কোনো পৰিবেশেই নাই ৷ প্ৰকৃততে এয়া BPFৰ চৰিত্ৰ ৷

UPPL দলৰ মুখ্য কাৰ্যালয়

আমি শাসনত অহাৰ পিছত ফ্ল’ৰ টেষ্টৰ পৰা আৰম্ভ কৰি এটাৰ পিছত এটাকৈ BPFয়ে চক্ৰান্ত চলাই আহিছে । BPFয়ে ৰাইজৰ ভাল কাহানিও চিন্তা নকৰে ৷ BPFৰ পাৰিষদসকলহে আমাৰ দললৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰি আছে । BPFয়ে বিৰোধীৰ আসনত থাকিও বিৰোধীৰ ভূমিকা পালন নকৰে আৰু BTRৰ বিধান পৰিষদ চলা অৱস্থাটো সদনত উপস্থিত নাথাকে বুলি মন্তব্য কৰে বড়োৱে ।

BTRত পুনৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFয়ে BTR চৰকাৰ গঠন কৰাৰ কুচকাৱাজক লৈ সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে

ইপিনে অহা ৯ মে’ত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমন বড়োলেণ্ডৰ বাবে এটা ভাল খবৰ আৰু কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্ৱাঞ্চলৰ ভিতৰত BTRত এটা ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে BTR কাউন্সিলৰ পৰা ইয়াৰ বাবে তামুলপুৰত ভূমি আবন্টন দিয়াৰ কথাও সদৰী কৰিছে ।

UPPL দলৰ মুখ্য কাৰ্যালয়

আনহাতে অসম চৰকাৰৰ প্ৰথম বৰ্ষপুৰ্তিৰ প্ৰাকমুহুৰ্তত প্ৰমোদ বড়োৱে হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত কৰ্মসংস্কৃতি বৃদ্ধি পাইছে বুলি মন্তব্য কৰি অসমৰ তিনি কোটি ৩০ লাখ জনতাক লৈ মুখ্যমন্ত্ৰীয়ে মিচন আৰু ভিচনেৰে দিনে নিশাই কাম কৰি আহিছে বুলি উল্লেখ কৰে । বৰ্ষপুৰ্তিৰ প্ৰাকমুহুৰ্তত UPPLৰ সভাপতি প্ৰমোদ বড়োৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি আতুল বৰা, বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাস আৰু UPPLৰ জেষ্ঠ্য নেতা তথা কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক কৃতজ্ঞতা জ্ঞাপন কৰে ।

উল্লেখ্য যে শনিবাৰৰ অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰী,সাংসদ ৰৌণগৌৰা নাৰ্জাৰী,BTRৰ কাৰ্যবাহী সদস্য ক্ৰমে উকিল মুছাহাৰী,ৰঞ্জিত বসুমতাৰী আদিকে ধৰি বহু বিশিষ্ট নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:১৪ বছৰীয়া প্ৰেম আনৰ হোৱাৰ আশংকাত অনশনত বহিল প্ৰেমিক ৰাকেশ

For All Latest Updates

ABOUT THE AUTHOR

...view details