অসম

assam

ETV Bharat / state

প্ৰমোদ বড়োৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ বিপিএফৰ - BPF

প্ৰমোদ বড়োৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ উত্থাপন বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ । মথনগা এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেড নামৰ সেচ্ছাসেৱী সংস্থাৰ অধ্যক্ষ তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই হিতাধিকাৰীক অনুদান দিয়াৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন ।

প্ৰমোদ বড়ো
প্ৰমোদ বড়োৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ বিপিএফৰ

By

Published : Apr 3, 2020, 7:58 PM IST

কোকৰাঝাৰ, 3 এপ্ৰিলঃ ইউপিপিএলৰ সভাপতি তথা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ উত্থাপন বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ । কোকৰাঝাৰ গৌৰাংভেলী হোটেলত বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা এক সংবাদমেলত বিপিএফৰ কাৰ্যকাৰী সাধাৰণ সম্পাদক প্ৰবীণ বড়োই কয় যে, মথনগা এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেড ( Mothonga Agro Producer Company Limited) নামৰ সেচ্ছাসেৱী সংস্থাৰ অধ্যক্ষ তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োই হিতাধিকাৰীক অনুদান দিয়াৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে । ২০১৬ চনৰ নৱেম্বৰ মাহত ২০০ জন হিতাধিকাৰীৰ নামত উত্তৰ-পূৱ কাউন্সিলৰ ( NEC)ৰ পৰা ছয় কোটিৰ অনুদান লাভ কৰা মথনগা এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডে তথা সেচ্ছাসেৱী সংস্থাটোৰ অধ্যক্ষই পুঁজিৰ সদব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন কৰে ।

প্ৰমোদ বড়োৰ বিৰুদ্ধে দূৰ্নীতিৰ অভিযোগ বিপিএফৰ

তদুপৰি নতুন দিল্লীৰ পৰা যি ২০০ জন হিতাধিকাৰীৰ নামত অনুদান মঞ্জুৰ হৈছিল তাতেও খেলিমেলিৰ সৃষ্টি কৰি উক্ত তালিকাৰ পৰা ৭৯ জন হিতাধিকাৰীক বাদ দি অন্য ৭৯ জন হিতাধিকাৰী নতুনকৈ তালিকাত অন্তৰ্ভূক্ত কৰে । অনুদানৰ নিয়মাৱলী অনুসৰি, মথনগা এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডে হিতাধিকাৰীক প্ৰদান কৰা গাহৰিৰ আৱাসগৃহ নিৰ্মাণ কৰি দিয়া নাই নতুবা অসম্পূৰ্ণ হৈ আছে ।

প্ৰমোদ বড়োই নিজে দূৰ্নীতিত লিপ্ত হৈ বিপিএফ, বিটিচি চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ নাই বুলি মন্তব্য কৰে প্ৰবীণ বড়োই । তদুপৰি প্ৰমোদ বড়োৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ চেল আৰু কেন্দ্ৰীয় ভিজিলেঞ্চ কমিচনাৰক অভিযোগ দিয়া হ'ব বুলিও সদৰী কৰিছে বিপিএফৰ জেষ্ঠ্য নেতা প্ৰবীণ বড়োই ।

ABOUT THE AUTHOR

...view details