অসম

assam

By

Published : Jul 2, 2019, 10:18 AM IST

ETV Bharat / state

কোকৰাঝাৰত ব্ৰজপাত পৰি নিহত যুৱক

নিশা গাঁৱৰে এঘৰত কেইজনমান সমনীয়াৰ স'তে ফুৰিবলৈ যাওতেই সংঘটিত হয় এই কৰুণ ঘটনা

কোকৰাঝাৰত ব্ৰজপাত পৰি নিহত যুৱক

কোৰাঝাৰ,২ জুলাই: কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজানত সোমবাৰে নিশা বজ্ৰপাতৰ ফলত এজন যুৱকৰ মৃত্যু হয়। নিহত যুৱকজন বালাজানৰ সমীৰ নাথ বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি সমীৰ নাথে সোমবাৰৰ নিশা গাঁৱৰে এঘৰত কেইজনমান সমনীয়াৰ স'তে ফুৰিবলৈ গৈছিল। তেনে সময়তে প্ৰৱল বৃষ্টিপাত আৰম্ভ হয় আৰু নিশা তেওঁলোকে বৰষুণৰ মাজতে ঘৰলৈ যাবলৈ ওলাই আহি বাৰান্দাত থিয় হোৱাৰ সময়তে প্ৰচণ্ড শব্দৰে বজ্ৰপাত পৰে আৰু সমীৰ ঘটনাস্থলীতে নিহত হয়। যুৱকজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

কোকৰাঝাৰত ব্ৰজপাত পৰি নিহত যুৱক

ABOUT THE AUTHOR

...view details