কোকৰাঝাৰ, ৮ জানুৱাৰী : বিপিএফৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী, বড়োলেণ্ড ঠিকাদাৰ সন্থাৰ সাধাৰণ সম্পাদক বিক্ৰম দৈমাৰীক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ (3 BTAD leader arrested) কৰাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে । দেওবাৰে বিয়লি কোকৰাঝাৰত বড়ো নেশ্যনেল ষ্টু’ডেন্ট ইউনিয়ন চমুকৈ ব’নছুৰ নেতৃত্বত চাৰিটাকৈ সংগঠনে আটকাধীনসকলৰ মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Bonsu Protest in Kokrajhar)।
কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা কোকৰাঝাৰ চহৰৰ শিশু উদ্যানলৈ প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত তিনি বড়ো নেতাক গ্ৰেপ্তাৰৰ প্ৰতিবাদত বনছু’ই ধৰ্ণা আৰু বিক্ষোভৰে পৰিৱেশ উত্তাল কৰি তোলে ।
প্ৰতিবাদথলীত বনছুৰ সভাপতি বঞ্জিত মঞ্ছিল বসুমতাৰীৰ নেতৃত্বত বিক্ষোভকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ অসম পুলিচ হায় হায়, অসম পুলিচ হুচিয়াৰ, বড়ো জনগোষ্ঠীৰ ওপৰত দমন নীতি বন্ধ কৰক, তিনি বড়ো নেতাক অচিৰেই মুক্তি দিয়ক আদি ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
বনছু’ৰ নেৰ্তৃত্বত দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত সদৌ বড়ো জ্যেষ্ঠ নাগৰিক ফৰামৰ কাৰ্যকৰী সভাপতি ড৹ দীননাথ বসুমতাৰী, বড়ো লেখক সন্থাৰ সভাপতি ৰাজেন বসুমতাৰী, এবিইভিএফও সভাপতি বলো’দেৱ মুছাহাৰী আৰু বিপিএফ মহিলা শাখাৰ নেত্ৰী মালতী ৰানী নাৰ্জাৰী উপস্থিত থাকে ৷
লগতে পঢ়ক :New Extremist Group in BTR: বিটিআৰত নতুন সশস্ত্ৰ সংগঠনৰ পৰিকল্পনা ! প্ৰাক্তন বিধায়কসহ আটক ৩