অসম

assam

ETV Bharat / state

কামাখ্যাগুৰীত বিজেপিৰ দখলত থকা কাৰ্যালয়ত উদ্ধাৰ বোমা - আলিপুৰদুৱাৰ জিলাৰ কামাখ্যাগুৰী

বিজেপি কৰ্মীৰ অভিযোগ অনুসৰি তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে বিজেপিৰ সন্মানত ক্ষতি কৰিবলৈ এই কাণ্ড কৰিছে ৷

Kamakhyaguri
বিজেপিৰ দখলত থকা কাৰ্যালয়ত বোমা উদ্ধাৰ

By

Published : Dec 4, 2019, 5:17 PM IST

কোকৰাঝাৰ , 4 ডিচেম্বৰঃমঙলবাৰে অসম বংগ সীমান্তৱৰ্তী পশ্চিমবংগত ৰাজনৈতিক দলৰ শ্ৰমিক সংগঠনৰ কাৰ্যালয়ত বোমা উদ্ধাৰ হয় ৷ আলিপুৰদুৱাৰ জিলাৰ কামাখ্যাগুৰীত বিজেপিৰ দখলত থকা কাৰ্যালয়ত বোমাটো উদ্ধাৰ হয় ৷

তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মন্তব্য

তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ অভিযোগ অনুসৰি এসময়ত উক্ত কাৰ্যালয়টো তৃণমূল কংগ্ৰেছৰ শ্ৰমিক সংগঠন আইএনটিটিইউচিৰ কাৰ্যালয় আছিল ৷ কিন্তু লোকসভা নিৰ্বাচনৰ পিচত বিজেপিয়ে কাৰ্যালয়টো দখল কৰি লয় ৷ তেনে সময়তে মঙলবাৰে তৃণমূল কংগ্ৰেছৰ আইএনটিটিইউচিৰ কৰ্মী সকলে কাৰ্যালয়টো পুনৰ দখল কৰিবলৈ যাওঁতে কাৰ্যালয়টোৰ ভিতৰত বোমাটো প্ৰত্যক্ষ কৰে আৰু ততাতৈয়াকৈ কুমাৰগ্ৰাম আৰক্ষী চকীত খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু বোমস্কোৱাড উপস্থিত হৈ বোমাটো উদ্ধাৰ কৰে ৷

বিজেপিৰ দখলত থকা কাৰ্যালয়ত বোমা উদ্ধাৰ

ইপিনে বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ এই অভিযোগ সম্পূৰ্ণভাৱে নস্যাৎ কৰি তৃণমূল কংগ্ৰেছ কৰ্মীয়ে বিজেপিৰ সন্মানত আঘাত কৰিবলৈ এই কাণ্ড কৰিছে বুলি ওলোটাই অভিযোগ কৰে ৷

বিজেপি কৰ্মীৰ মন্তব্য

লগতে পঢ়ক- নৌসেনা দিৱসৰ শুভক্ষণত 'সাহসী' নৌকৰ্মীক অভিবাদন প্ৰধানমন্ত্ৰী মোডীৰ

ABOUT THE AUTHOR

...view details