অসম

assam

ETV Bharat / state

চিকিৎসকৰ হেমাহিৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যুৰ অভিযোগ - ৰামি কাশ্যপ বসুমতাৰী আৰু নাই

কোকৰাঝাৰৰ পথ দুৰ্ঘটনাত আহত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু ৷ চিকিৎসকৰ হেমাহিৰ বাবেই ছাত্ৰজনৰ মৃত্যুৰ অভিযোগ বড়োলেণ্ড বিশ্ববিদ্যালয় একাংশ ছাত্ৰ-ছাত্ৰীৰ ৷ চিকিৎসকৰ হেমাহিৰ বিষয়টোক লৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দাবী শিক্ষাৰ্থীৰ (Bodoland University student died) ৷

Bodoland University student died
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 9:27 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যুৰ অভিযোগ

কোকৰাঝাৰ, ১২ ডিচেম্বৰ :বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰামি কাশ্যপ বসুমতাৰী আৰু নাই ৷ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ তিতাগুৰীত সোমবাৰে মাজ নিশা সংঘটিত হোৱা এক মটৰচাইকেল দুৰ্ঘটনাত পৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰামি কাশ্যপ বসুমতাৰীয়ে কৰুণ মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ বিপৰীতে তেওঁৰ দুই সতীৰ্থ আহত হৈছে । জানিব পৰা মতে, মৃত ছাত্ৰগৰাকী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ ছাত্ৰ আছিল ৷ তেওঁৰ ঘৰ গোৱালপাৰাত আছিল বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, সোমবাৰে নিশা প্ৰায় ১২:৩০ বজাত তিনি বন্ধুৱে জেডি পথেৰে মটৰ চাইকেলেৰে গৈ থাকোতে তিতাগুৰীত এটা লাইটৰ খুঁটাত খুন্দা মাৰে । ফলত মটৰচাইকেলখনৰ চালক ৰামি কাশ্যাপ বসুমতাৰী গুৰুতৰভাৱে আহত হয় । আনকি মটৰচাইকেলৰ পিচফালে বহা আন দুজনো আঘাতপ্ৰাপ্ত হয় ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু

এই দুৰ্ঘটনাৰ পিচত আহত তিনিওজনে স্থানীয় লোকক সহায়ৰ বাবে কাকুতি-মিনতি কৰিছিল যদিও কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহিল ৷ বৰঞ্চ ইমান ৰাতি তেওঁলোক ক’লৈ গৈছিল, ক’ৰ ল’ৰা ইত্যাদি কথাৰে ব্যতিব্যস্তহে কৰি তোলে ৷ আনকি একাংশই আকৌ চোৰ বুলি সন্দেহ কৰি শাৰীৰিকভাৱে প্ৰহাৰো কৰে ৷ এই অভিযোগ দুৰ্ঘটনাত আহত এজন ছাত্ৰৰ ।

ইপিনে উক্ত ঘটনাক লৈ মঙলবাৰে কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । ৰামি কাশ্যপ বসুমতাৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকৰ গাফিলতিৰ বাবে ছাত্ৰগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰামি কাশ্যপ বসুমতাৰী আৰু নাই ৷

লগতে ঘটনাটোৰ উচিত তদন্তৰ জৰিয়তে দোষী চিকিৎসকগৰাকীক চাকৰিৰ পৰা নিলম্বিত কৰাৰ দাবী উত্থাপন কৰে । আনকি চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিচত চিকিৎসালয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু বাৰে বাৰে অনুৰোধ পাচতো চিকিৎসাৰ ক্ষেত্ৰত হেমাহি প্ৰদান কৰিলে বুলিহে অভিযোগ কৰে আহত ছাত্ৰই ।

আনহাতে চিকিৎসকৰ গাফিলতি সন্দৰ্ভত চিকিৎসালয়খনৰ অধীক্ষক তথা স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ডাঃ এ এচ শৰ্মাই কয় যে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰা হ’ব ৷ এই বিষয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰা হৈছে ৷ যদিহে তদন্তত চিকিৎসকৰ গাফিলতিৰ কথা প্ৰমাণিত হয়, তেনেহ’লে দোষীৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে আৰ এন বি চিকিৎসালয়ৰ অধীক্ষকগৰাকীয়ে ৷

ইফালে মঙলবাৰে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্তও চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক :RTI ৰ তথ্য বিচৰাৰ বাবেই এঘৰীয়া হ’ল যোৰহাটৰ নিৰঞ্জন বৰা

ABOUT THE AUTHOR

...view details