অসম

assam

ETV Bharat / state

ইউ জি চিৰ সেউজ সংকেত : ১২ বি মৰ্যাদা লাভৰ পথত বড়োলেণ্ড বিশ্ববিদ্যালয় - বড়োলেণ্ড বিশ্ববিদ্যালয়ে অৱশেষত ইউজিচিৰ ১২ বি মৰ্যাদা লাভৰ পথত

ইউ জি চিৰ বিশেষজ্ঞ সমিতিৰ ১৪ পৃষ্ঠাৰ প্ৰতিবেদনত বড়োলেণ্ড বিশ্ববিদ্যালয়ক ইউ জি চিৰ ১২ বিত অন্তৰ্ভুক্তিকৰণৰ সেউজ সংকেত ৷

১২ বি মৰ্যাদা লাভৰ পথত বড়োলেণ্ড বিশ্ববিদ্যালয়

By

Published : Sep 9, 2019, 11:31 PM IST

Updated : Sep 10, 2019, 6:14 PM IST

কোকৰাঝাৰ, 8 চেপ্টেম্বৰ : ঐতিহাসিক বড়ো চুক্তি অনুসৰি ২০০৯ চনত স্থাপিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ে অৱশেষত ইউ জি চিৰ ১২ বি মৰ্যাদা লাভৰ পথত অগ্ৰসৰ হৈছে । প্ৰফেচৰ পি পি ধায়ানিৰ অধ্যক্ষতাত বিশ্ববিদ্যালয় অনুদান আয়োগৰ চাৰিজন সদস্যযুক্ত বিশেষজ্ঞ কমিটিৰ দল এটাই বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ আহি বিশ্ববিদ্যালয়ৰ কাৰিকৰী দিশ, আন্তঃগাঁথনিকে আদি কৰি বিশ্ববিদ্যালয়খনৰ সমস্ত দিশ পৰ্যবেক্ষণ কৰাৰ পিছত ইউ জি চিৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত বড়োলেণ্ড বিশ্ববিদ্যালয়ক ১২ বি মৰ্যদা অৰ্হতা অন্তৰ্ভুক্তিকৰণৰ সপক্ষে বিশেষজ্ঞ কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছে । উল্লেখ্য যে ইউ জি চিৰ ১২ বি স্থানত অন্তৰ্ভুক্তিকৰণ অবিহনে এখন বিশ্ববিদ্যালয় বৰ্তি থকাটো প্ৰত্যাহ্বানমূলক আৰু সেয়েহে ১২ বি অন্তৰ্ভুক্তি অবিহনে বড়োলেণ্ড বিশ্ববিদ্যালয় যোৱা ৯ টা বছৰে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সময় পাৰ কৰি আহিছিল । ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰ আৰু ইউ জি চি কৰ্তৃপক্ষৰে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক ১২ বি মৰ্যাদাত অন্তৰ্ভুক্তিকৰণৰ বাবে কেইবাখনো বৈঠক সম্পন্ন কৰিছে লগতে ইউ জি চিৰ ১২ বি অন্তৰ্ভুক্তিকৰণৰ বাবে হাগ্ৰামা মহিলাৰীয়েও সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ সমান্তৰালভাৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰহ্লাদ বসুমতাৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক ইউ জি চিৰ ১২ বি স্থানত অন্তৰ্ভুক্তিকৰণক লৈ বিশেষ পৰিকল্পনাৰে কাম আগবঢ়াইছিল আৰু যাৰ পৰিণতিত বিশেষজ্ঞ কমিটিয়ে পৰিদৰ্শন কালত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাৰ্য-কলাপকলৈ সন্তুষ্টি ব্যক্ত কৰে । অৱশ্যে বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশেষজ্ঞ কমিটিয়ে কেইবাটাও বিষয়ৰ উন্নতিৰ বাবে পৰামৰ্শ আগবঢ়ায় ।

১২ বি মৰ্যাদা লাভৰ পথত বড়োলেণ্ড বিশ্ববিদ্যালয়

উল্লেখযোগ্য যে বিশেষজ্ঞ সমিতিৰ ১৪ পৃষ্ঠাৰ প্ৰতিবেদনত বড়োলেণ্ড বিশ্ববিদ্যালয়ক ইউ জি চিৰ ১২ বিত অন্তৰ্ভুক্তিকৰণত একপ্ৰকাৰ সেউজ সংকেত দিছে আৰু কোনো বিসংগতি নহ'লে অচিৰেই ১২ বিৰ মৰ্যদা লাভ কৰি বড়োলেণ্ড বিশ্ববিদ্যালয় পশ্চিম অসমৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰূপে জাকত জিলিকা হৈ উঠিব বুলি আশা কৰিব পাৰি ।

ইউজিচিৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত সেউজ সংকেত
Last Updated : Sep 10, 2019, 6:14 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details