অসম

assam

ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ ইউ.জি.চিৰ 12 বি মৰ্যাদা - বড়োলেণ্ড বিশ্ববিদ্যালয়ে ইউ.জি.চিৰ 12 বি মৰ্যদা

অৱশেষত বড়োলেণ্ড বিশ্ববিদ্যালয়ে ইউ.জি.চিৰ 12 বি মৰ্যাদা লাভ কৰিলে ৷ শুক্ৰবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ইউ.জি.চিয়ে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ ইউ.জি.চিৰ 12 বি মৰ্যদা

By

Published : Nov 1, 2019, 11:29 PM IST

কোকৰাঝাৰ, 1 নৱেম্বৰঃ অৱশেষত বড়োলেণ্ড বিশ্ববিদ্যালয়ে ইউ.জি.চিৰ 12 বি মৰ্যাদা লাভ কৰিলে ৷ শুক্ৰবাৰে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ইউ.জি.চিয়ে ৷ ঐতিহাসিক বড়ো চুক্তি অনুসৰি 2009 চনত কোকৰাঝাৰত স্থাপিত হৈছিল বড়োলেণ্ড বিশ্ববিদ্যালয় ৷ প্ৰফেচৰ পি.পি ধায়ানিৰ অধ্যক্ষতাত বিশ্ববিদ্যালয়খনৰ আয়োগৰ চাৰিজন সদস্যযুক্ত বিশেষজ্ঞ কমিটিৰ দল এটাই বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওপৰত সমগ্ৰ কাৰিকৰী দিশ, আন্তঃগাঁথনি আদিকে ধৰি বিশ্ববিদ্যালয়খনৰ সমস্ত দিশ পৰ্যৱেক্ষণ কৰাৰ পিছত ইউ.জি.চি বিশেষজ্ঞ কমিটিয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক চূড়ান্তভাৱে 12 বি মৰ্যাদাৰ অৰ্হতাৰে অন্তৰ্ভুক্ত কৰে ।

উল্লেখ্য যে, ৰাজ্য চৰকাৰ আৰু ইউ.জি.চি কৰ্তৃপক্ষৰে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ক 12 বি মৰ্যাদাত অন্তৰ্ভুক্তিকৰণৰ বাবে কেইবাখনো বৈঠক সম্পন্ন কৰিছিল ৷ লগতে ইউ.জি.চিৰ ১২ বি অন্তৰ্ভুক্তিকৰণৰ বাবে হাগ্ৰামা মহিলাৰীয়েও সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ এই খবৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ লগতে সমগ্ৰ বড়োলেণ্ডতে সুখৰ বতৰা কঢ়িয়াই আনিছে ৷

আৰু পঢ়কঃ কোকৰাঝাৰৰ লোঙা নৈত সমজুৱা মৎস্য চিকাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details