কোকৰাঝাৰ,3 জুলাইঃআৰম্ভ হ'ল "বড়োলেণ্ড গট টেলেণ্ট ছিজন 1" ৰ অডিচন ৷ প্ৰায় তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে এই অডিচনত ৷ অচেন এন্টাৰপ্ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া মূল প্ৰতিযোগিতা খনৰ বাবে মঙলবাৰে কোকৰাঝাৰত অনুষ্ঠিত হয় অডিচন ৷ বিটিএডি অঞ্চলৰ লগতে ৰাজ্যখনৰ পিছ পৰা বিভিন্ন প্ৰান্তৰ কণ-কণ ল'ৰা ছোৱালীৰ প্ৰতিভাক দাঙি ধৰিবলৈ এক মুকলি মঞ্চ দিয়াৰ উদ্দেশ্যেৰে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে "বড়োলেণ্ড গট টেলেণ্ট ছিজন-1"ৰ ৷
"বড়োলেণ্ড গট টেলেণ্ট ছিজন 1" ৰ অডিচন আৰম্ভ - কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়
কোকৰাঝাৰত অনুষ্ঠিত হ’ব বড়োলেণ্ড গট টেলেণ্ট ছিজন 1ৰ ফাইনেল, চূড়ান্ত প্ৰতিযোগীয়ে লাভ কৰিব 1 লাখ টকাৰ পুৰস্কাৰ ৷
নৃত্য,গীত,অভিনয়,মডেলিং আদিকে ধৰি বিভিন্ন দিশ সামৰি কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অডিচনত কোকৰাঝাৰ সদৰ চহৰ উপৰিও জিলাখনৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ তিনি শতাধিক কণ কণ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । বিচাৰক মণ্ডলী হিচাবে উপস্থিত থাকে সংগীত পৰিচালক বিষ্ণু শৰ্মা, অভিনেতা শংকৰ কলিতা, ভাইকণ ফুকন, বড়ো অভিনেত্ৰী অঞ্জলী বড়োছা ৷ 3 জুলাইত বাক্সাত দ্বিতীয়, 4 জুলাইত চিৰাংত তৃতীয়, 8 জুলাইত ওদালগুৰি ৰৌতাত চতুৰ্থ আৰু 9 জুলাইত গুৱাহাটীত অন্তিমখন অডিচন অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে সঞ্চালক তথা নৃত্য শিল্পী প্ৰলয় কুমাৰ দত্তই ৷