অসম

assam

By

Published : Feb 10, 2020, 11:29 PM IST

ETV Bharat / state

কোকৰাঝাৰত বড়োলেণ্ড দিৱসৰ উখল-মাখল পৰিৱেশ

তৃতীয় বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱ পালনৰ পাছতেই সোমবাৰে বড়ো সকলে পালন কৰিলে 18 তম বড়োলেণ্ড দিৱস ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অনুষ্ঠানত অংশ গ্ৰহণ কৰে মন্ত্ৰী কেশৱ , মহন্ত , চন্দন ব্ৰহ্ম, ৰিহণ দৈমাৰিৰ লগতে কেইবাগৰাকীও বিধায়কে ৷

bodoland day celebrated in kokrajhar
বড়ো সকলে পালন কৰিলে 18 তম বড়োলেণ্ড দিৱস

কোকৰাঝাৰ , 10 ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ জিলাৰ বদফা নগৰত সোমবাৰে উলহ মালহেৰে পালন কৰা হয় 18 সংখ্যক বড়োলেণ্ড দিৱস ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্ত , চন্দন ব্ৰহ্ম , ৰিহণ দৈমাৰীৰ লগতে কেইবাগৰাকীও বিধায়কে ৷ আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াইয়ো অংশগ্ৰহণ কৰে অনুষ্ঠানটোত ৷ বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ কৰা হয় অনুষ্ঠানটো ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁওস্থিত শ্বহীদ বেদীত বদফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ লগতে বড়োলেণ্ডৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷ উল্লেখযোগ্য যে , 2003 চনৰ এই দিনটোতে কেন্দ্ৰীয় চৰকাৰ আৰু বি এল টিৰ মাজত বিটিচি চুক্তি স্বাক্ষৰিত হৈছিল ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বড়ো শান্তি চুক্তিয়ে দেশৰ 130 কোটি শান্তিপ্ৰিয় জনতাক সুখী কৰিছে বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

বড়ো সকলে পালন কৰিলে 18 তম বড়োলেণ্ড দিৱস

ABOUT THE AUTHOR

...view details