অসম

assam

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 7:47 PM IST

ETV Bharat / state

Protest at Bodoland University : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰনৰ দাবীত উত্তাল প্ৰতিবাদ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰন আৰু নতুন উপাচাৰ্য নিযুক্তিৰ দাবী ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ত এবছুৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ছয়দিনলৈ চলিব এবছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ দাবী মানি নল’লে অনিৰ্দিষ্টকালিন ধৰ্মঘট কাৰ্যসূচী লোৱাৰ হুংকাৰ এবছুৰ ৷

Protest at Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰতিবাদ

বড়োলেণ্ড বিশ্ববিদ্যালয়ত প্ৰতিবাদ

কোকৰাঝাৰ, ৬ অক্টোবৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰন আৰু নতুন উপাচাৰ্য নিযুক্তিৰ দাবীত শুকুৰবাৰৰ পৰা এবছুৱে ১১ অক্টোবৰলৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মূলদ্বাৰৰ সন্মুখত এবছুৱে আৰম্ভ কৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে । হাতে হাতে প্লে’ কাৰ্ড লৈ ধৰ্ণাত বহা এবছুৰ নেতা-কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে লাইশ্ৰাম লাডু সিং মুৰ্দাবাদ, লাডু সিং গ’ বেক, লাডু সিং হাটাও বিশ্ববিদ্যালয় বাচাও আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

এবছুৰ আন্দোলনৰ প্ৰতি কাণসাৰ নিদিলে তথা এবছুৰ দাবী মানি নল’লে অনিৰ্দিষ্টকালিন ধৰ্মঘট কাৰ্যসূচী লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে এবছুৱে । ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰন আৰু নতুন উপাচাৰ্য নিযুক্তিৰ দাবীত শুকুৰবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে কয় যে আন্দোলনৰ কাৰ্যসূচীৰে সমাধান নহ’লে আইনগত ব্যৱস্থা লোৱা হ’ব ।

প্ৰয়োজনসাপেক্ষে বিষয়টোক লৈ এবছুৱে ইউজিচি, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়লৈকে যাবলৈও সাজু বুলি মন্তব্য কৰি এগৰকী দূৰ্নীতিগ্ৰস্থ ব্যক্তিয়ে জামিন লৈ কেনেদৰে উপাচাৰ্য হৈ থাকিব পাৰে বুলি এবছুৱে প্ৰশ্ন উত্থাপন কৰিছে ৷ তেওঁ কয়- ‘‘জামিন লৈ থকা উপাচাৰ্য লাইশ্ৰম লাড্ডু সিঙক শীঘ্ৰে অপসাৰণৰ দাবীত এবছুৱে ইতিপূৰ্বে কেবালানি ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও কোনোধৰণৰ কাম নোহোৱাত আজিৰে পৰা এবছুৰ উদ্যোগত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ হৈছে ৷’’

উপাচাৰ্য ড৹ লাইস্ৰাম লাডু সিঙক অযোগ্য আখ্যা দি উপাচাৰ্যগৰাকীক ৰাজভৱনৰ সচিবৰ উপদেষ্টা মিহিৰকান্তি চৌধুৰীয়ে ৰক্ষণাবেক্ষণ দি থকাৰ অভিযোগ কৰে ৷ তদুপৰি তদন্তৰ বাবে অহা উচ্চ পৰ্যায়ৰ কমিটিয়ে আজিলৈকে প্ৰতিবেদন দাখিল নকৰি উপাচাৰ্যক ৰক্ষণাবেক্ষণ দিয়াৰ অভিসন্ধি নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে এবছুৱে ৷ বহু ত্যাগ আৰু শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত লাভ কৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কল্যাণ আৰু মংগলৰ বাবে এবছুৱে সদায় কাম কৰি যাব বুলি উল্লেখ কৰে এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে ৷ উল্লেখ্য যে এবছুৰ আজিৰ ধৰ্ণা কাৰ্যসূচীত বড়ো সমাজ, এবিএমছু আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:Tense in Dibrugarh: গো-মাংস ভক্ষণক লৈ ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details